Breaking

Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !

25

কেৱল সংবাদমাধ্যমেই নহয়, চুমি বৰাৰ ক’লা হাতোৰাৰ পৰশ ন্যায়পালিকাৰ ওপৰতো যে পৰিছিল সেই কথা প্ৰমাণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাৰ পৰাই(Assam Online Trading Scam)। চুমি বৰাৰ ঘটনাটোত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগতে বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰা প্ৰায় ৪,০০০ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰিত অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰৰ লোক জড়িত থকাৰ কথা এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ লৈছে(Assam Online Trading Scam)। উক্ত কেলেংকাৰিৰ মূল মাষ্টাৰমাইণ্ড হিচাবে সন্দেহ কৰা অভিনেত্ৰী চুমি বৰাৰ ক’লা হাতোৰা যে ন্যায়পালিকাৰ পৰা কাৰ্যপালিকা, চতুৰ্থ স্তম্ভ হিচাবে পৰিচিত সংবাদমাধ্যমলৈ বিয়পি পৰিছিল সেই কথাও এতিয়া লাহে লাহে প্ৰমাণ হ’বলৈ আৰম্ভ কৰিছে।

শেহতীয়াকৈ চুমি বৰা আৰু তেওঁৰ সংগীসকলক ৰক্ষণাবেক্ষণ দিবলৈ সমাজৰ বহু প্ৰভাৱশালী লোকে পাকে প্ৰকাৰে চেষ্টা কৰা বুলি বিভিন্নজনে আলোচনা কৰিছে। একাংশ মুধাফুটা সাংবাদিকে আনকি কেলেংকাৰি সংঘটিত কৰা বুলি সন্দেহ কৰা চুমি বৰাৰ সলনি অনলাইন ট্ৰেডিঙত ধন বিনিোগ কৰাসকলকহে দোষী সজোৱা কথাই বহুতৰে চকু থৰ লগোৱাও পৰিলক্ষিত হৈছে। আনকি চুমি বৰাৰ ক’লা ধন অসমৰ একাংশ সংবাদমাধ্যমেও লাভ কৰা বুলি একাংশ সাংবাদিক আৰু সংবাদমাধ্যমৰ বোকা চটিওৱাৰ খেলৰ পৰাই পোহৰলৈ আহিছে। ৰাজ্যৰ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা ছেটেলাইট চেনেলে চুমি বৰাৰ ধন একাংশ সংবাদমাধ্যমত বিনিয়োগ হোৱা বুলি স্পষ্ট মন্তব্য কৰাৰ পিছতো অৱশ্যে আৰক্ষীয়ে এই বিষয়ত কোনো পদক্ষেপেই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

কেৱল সংবাদমাধ্যমেই নহয়, চুমি বৰাৰ ক’লা হাতোৰাৰ পৰশ ন্যায়পালিকাৰ ওপৰতো যে পৰিছিল সেই কথা প্ৰমাণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়(Gauhati High Court)ৰ অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাৰ পৰাই(Assam Online Trading Scam)। চুমি বৰাৰ ঘটনাটোত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগতে বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam Chief Minister Himanta Biswa Sarma)ৰ হস্তক্ষেপৰ পিছতহে গগৈক বৰ্খাস্ত কৰা হয় । অভিযোগ অনুসৰি চুমি বৰাৰ বৌৱেক জিংকী মিলিৰ জামিনত অবৈধ হস্তক্ষেপ কৰিছিল বিদ্যুৎ বিকাশ গগৈয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহকাৰী লোক ফৰিয়াদী বিদ্যুত বিকাশ গগৈক এই কথাৰ প্ৰমাণ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰ্খাস্ত কৰা হয় বুলি জানিব পৰা গৈছে। উত্থাপিত অভিযোগ অনুসৰি সহকাৰী লোক ফৰিয়াদী হৈও ন্যায়ালয়ত যুক্তি দর্শাইছিল গগৈয়ে । এইক্ষেত্ৰত অভিযুক্ত জিংকী মিলিৰ হৈ থকা চৰকাৰী অধিবক্তা মাখন ফুকনৰ পৰা বহু তথ্য লুকুৱাই ৰাখিছিল গগৈয়ে । একেই অভিযোগতে চৰকাৰী অধিবক্তাৰ কাৰ্যালয় সহায়ক কমল নাথ, ব্ৰজেন কুমাৰ দাস ,অৰূপ কুমাৰ ডেকাকো বৰ্খাস্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বৰ্খাস্ত কৰা হৈছে এই আটাইকেইজন লোককে ।

উল্লেখ্য চুমিৰ ভাতৃ ৰাজীৱ বৰা পাৰচেলিয়া ফাৰ্মাচিটিকেল কোম্পানী অন্যতম সঞ্চালক আছিল । ৰেজিষ্টাৰ অৱ কোম্পানীজ, শ্বিলঙত পঞ্জীয়ন কৰা এই কোম্পানীটোৰ পঞ্জীয়ন নম্বৰ হৈছে- ০২৬০৪৭। কোম্পানীটোৰ কৰ্প’ৰেট আইডিন্টেফিকেশ্যন নম্বৰ- CIN/LLPIN/FCRN-U46497AS0224TC026047। এই কোম্পানীটোত তৃতীয়গৰাকী সঞ্চালক আছিল চুমি বৰাৰ বৌয়েক অৰ্থাৎ ৰাজীৱ বৰাৰ পত্নী জিংকি মিলি । সেইসূত্ৰে ৰাজীৱ আৰু জিংকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু অতিৰিক্ত চৰকাৰী অধিবক্তাৰ হেমাহিৰ বাবেই বহু কোটি কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ বৌৱেক জিংকি মিলিয়ে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। পাছত অতিৰিক্ত ৰাজহুৱা অধিবক্তা বিদ্যুৎ বিকাশ গগৈক পদৰ পৰা অব্যাহতি দিয়া হয় ।

১৮ ছেপ্টেম্বৰৰ এক আদেশত কোৱা হৈছে যে, “অসমৰ ৰাজ্যপাল ডাঙৰীয়াই গুৱাহাটীৰ অতিৰিক্ত ৰাজহুৱা অভিযুক্ত গৌহাটী উচ্চ ন্যায়ালয়ৰ পদৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিবলৈ পাই আনন্দিত হৈছো।”

গগৈৰ উপৰিও ৰাজহুৱা অভিযুক্তৰ কাৰ্যালয়ৰ সহকাৰীগৰাকীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হয় । মিলিৰ জামিনৰ পৰিপ্ৰেক্ষিতত ব্ৰজেন কুমাৰ দাস আৰু অৰূপ কুমাৰ ডেকাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । সূত্ৰই জনোৱা মতে, জামিন আবেদনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ ৰাজহুৱা অধিবক্তা মাখন ফুকনৰ পৰা আঁতৰাই ৰখা হৈছিল। যাৰ ফলত তেওঁ জিংকি মিলিৰ জামিন আবেদন গ্ৰহণ কৰা শুনানিৰ পৰা আঁতৰি গৈছিল ।

ষ্টক মাৰ্কেটত বিনিয়োগৰ ফিক্সড ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে মানুহক প্ৰলোভিত কৰি প্ৰায় ৪,০০০ কোটি টকাৰ কেলেংকাৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এনেদৰে ন্যায়পালিকাৰ কেইবাগৰাকীও লোক চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কথাই এই কথা নিশ্চিত কৰিছে যে চুমি বৰাৰ কেলেংকাৰিৰ সৈতে ন্যায়পালিকাৰ লোকো জড়িত আছিল। ইতিমধ্যে ন্যায়পালিকাৰ লোক জালত পৰিছে যদিও এই কেলেংকাৰিত জড়িত বুলি অভিযোগ উত্থাপন হোৱা কাৰ্যপালিকাৰে জড়িত ৰৌ-বৰালিবোৰ পিছে আজিও সুৰক্ষিত হৈ আছে। অনলাইন ট্ৰেডিঙত জড়িত বুলি কথা ওলোৱা কাৰ্যপালিকাৰে জড়িত বিয়াগোম বিষয়া, ডাক্তৰ আদিৰ পিছে আজিলৈকে নোম এডালো ল’ৰাব পৰা নাই অসম আৰক্ষীয়ে। অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বুলি কথা ওলোৱা ডাক্তৰ, বিষয়া আদিক লৈ চুমি কাণ্ডৰ পূৰ্বে আৰক্ষী(Assam Police), ইডি(Enforcement Directorate), চিবিআই(CBI) আদিও সজাগ নাছিল। নহ’লে তেওঁলোকে কিদৰে চুমিৰ জালত বন্দী হৈ ক’লা ধন জমা কৰিব পাৰিলে বুলিও বহুতে প্ৰশ্ন কৰিছে। তেওঁলোকৰ ক’লা ধন আগতে আৰক্ষী, আয়কৰ, ইডি আদিয়ে দেখা নাছিল নেকি বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে।

এটা কথা মন কৰিবলগীয়া যে চুমিকাণ্ডত জড়িত যিসকল লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক প্ৰত্যেককে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতহে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰিলে হয়তো সেইসকল লোকো গ্ৰেপ্তাৰ নোহোৱাকৈয়ে থাকি গ’ল হেঁতেন। তেন্তে এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা নাই নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে। চুমি কাণ্ডত আৰক্ষীৰ লোকো জড়িত থকা বুলি বিভিন্ন মহলত আলোচনা হৈ আহিছে। এতিয়ালৈকে কেইজনমান আৰক্ষীৰ লোক জালত পৰিছে যদিও ৰৌ-বৰালি এতিয়াও সাৰি আছে বুলিও বহুতে চৰ্চা কৰিছে। তেন্তে ৰৌ-বৰালি জালত পৰিব কেতিয়া ? নে মুখ্যমন্ত্ৰীয়ে পুনৰ হস্তক্ষেপ কৰিলেহে আৰক্ষীৰ গা ল’ৰিব ? এয়াই এতিয়া বহুতৰে বাবে এক লাখটকীয়া  প্ৰশ্ন ।

Comments are closed.