ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন।(Assam panchayat polls)
ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
২ মে’ত প্ৰথম পৰ্যায়ত।
৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
আজিৰে পৰা জাৰি পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।
আজিৰে পৰা সংগ্ৰহ কৰিব পাৰিব মনোনয়নপত্ৰ।
দিনৰ ১১ বজাৰ পৰা ৩বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন।
মনোনয়নপত্র দাখিলৰ অন্তিম দিন হৈছে ১১ এপ্রিল।
মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন হৈছে ১২ এপ্রিল।
মনোনয়নপত্র প্রত্যাহাৰৰ দিন ১৭ এপ্রিল।
এইবাৰো বেলটত হ’ব পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণ।
প’র্টেলত উপলব্ধ হ’ব পঞ্চায়ত প্ৰাৰ্থীৰ সবিশেষ তথ্য।
অহা ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল।