Breaking

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ…

0 36

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ

অসমৰ ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰলৈ প্ৰশিক্ষণ দিয়াত সহায় কৰিব এছ বি আয়ে

অসম পেৰালিম্পিক সন্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰালিম্পিক গেমছলৈ ৰাজ্যৰ খেলুৱৈক সাজু কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ পদক্ষেপ হাতত লৈছে৷ উল্লেখ্য যে যোৱা বছৰ চীনত অনুষ্ঠিত হৈ যোৱা পেৰা এছিয়ান গেমছত অসমৰ আনোৱাৰ শিকদাৰে ভাৰতীয় সাঁতোৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ আনোৱাৰে ইটালীত বিশ্ব পেৰা চেম্পিয়নশ্বিপতো দেশক প্ৰতিনিধিত্ব কৰিছে৷

অসমৰ পেৰা সাঁতোৰবিদৰ ধাৰাবাহিক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক সফলতাৰ বাবে ৰাজ্যিক সন্থাটোৱে ছগৰাকী খেলুৱৈক জাপানত হ’বলগা পেৰা এছিয়ান গেমছ তথা আমেৰিকাত হ’বলগা পেৰালিম্পিকলৈ সাজু কৰাৰ লক্ষ্যৰে উন্নত প্ৰশিক্ষণ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ আনহাতে, সন্থাক এই প্ৰস্তুতিত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক অব ইণ্ডিয়া [এছ বি আই]৷ শুকুৰবাৰে অসম পেৰালিম্পিক সন্থা আৰু এছ বি আইৰ মাজত এই বিষয়ে এখন চুক্তিও সম্পন্ন হৈছে৷

চুক্তি অনুসৰি ৰাজ্যৰ নিৰ্বাচিত ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰৰ বাবে [২০২৪-২৫ চন] অনুশীলনৰ সকলো ব্যয় এছ বি আয়ে দিব৷ নিৰ্বাচিত পেৰা সাঁতোৰ ছগৰাকী হ’ল ধুনু টাও, আনোৱাৰ শিকদাৰ, কৃষ্ণ দাস, য়েছমিনা খাতুন, সাজিদা বেগম আৰু প্ৰীতি দাস৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে এছ বি আইৰ এই সহযোগিতাৰ বাবে বেংক প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছে৷ এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ বুলি ব্যক্ত কৰি দে এই পদক্ষেপে ৰাজ্যৰ পেৰা এথলীটক উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয় ৷

অসম পেৰালিম্পিক সন্থাৰ কাৰ্যালয়ত হোৱা চুক্তি সম্পাদন অনুষ্ঠানত এছ বি আইৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ এজিএম সুজিত দে আৰু মেনেজাৰ [এম চি এণ্ড চি এছ আৰ] পৱন কুমাৰ বাৰ্মা উপস্থিত থকাৰ বিপৰীতে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেসহ উপ সভাপতি হিমা ওজাহ দাস আৰু কোষাধ্যক্ষ খগেন কলিতা উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.