Breaking

শিক্ষাবিদ ডঃ জয়নাথ শৰ্মালৈ “অসম প্ৰকাশন ভাৰতী বঁটা”…

0 23

অসম প্ৰকাশন ভাৰতীয়ে ২০২৩ বৰ্ষৰ পৰা কলা, সাহিত্য, সংস্কৃতি তথা সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোজন ব্যক্তিক “অসম প্ৰকাশন ভাৰতী বঁটা”ৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইবাৰ ২০২৪ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, ডঃ জয়কান্ত শৰ্মাক । আনহাতে অসম প্ৰকাশন ভাৰতীৰ সভাপতি ডঃ বিবেকানন্দ শৰ্মা আৰু সচিব দীপাংকৰ বৰাই এটা বিবৃতিত

জানিবলৈ দিয়া মতে অহা ২৬ আগষ্টত বিয়লি ৩ বজাত গুৱাহাটীৰ জু-ৰোডত থকা অসম প্ৰকাশন ভাৰতীৰ কাৰ্যালয়ৰ শন্তনু ৰঘুনাথ শেণ্ডেজী সভাগৃহত অনুষ্ঠিত হবলগীয়া এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ জয়কান্ত শৰ্মাক এই বঁটা প্ৰদান কৰা হব।

Leave A Reply

Your email address will not be published.