Breaking

Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

26

দেওবাৰে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩১২৭ টা পদৰ বিপৰীতে ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়। ৰাজ্যৰ ২৮ খন জিলাত ২৩০৫ কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা(Assam recruitment exam)।

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : অসম চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ অৰ্থে আয়োজন কৰিলে সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা(Assam recruitment exam)। তৃতীয় বৰ্গৰ পদৰ বাবে আবেদন কৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে দেওবাৰে উবুৰি খাই পৰিল প্ৰতিটো পৰীক্ষা কেন্দ্ৰত(Government of Assam) ।

দেওবাৰে ৰাজ্যৰ জিলাই জিলাই নিবনুৱাৰ ভয়াৱহ ছবিখন ভালদৰেই প্ৰকট হ’ল। ৰাজ্য চৰকাৰে অসমৰ নিবনুৱাক কৰ্মসংস্থাপনৰ কোনো বাট দেখুৱাব নোৱাৰ ছবিখনো দেওবাৰে প্ৰকট হৈ পৰিল। সেয়ে দৰমহা যিয়েই হোঁক, চাকৰি এটা যিকোনো প্ৰকাৰে লাগে মনোভাবেৰে স্নাতক আৰু স্নাতকোত্তৰ উতীৰ্ণ বহুতে পৰীক্ষাত অৱতীৰ্ণ হ’ল(Job-seeking graduates and postgraduates)।

পৰীক্ষাৰ বাবেই দেওবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰাই কৰ্তন কৰা হ’ল মোবাইল ইণ্টাৰনেট সেৱা(Mobile internet services) । পূৰ্বে ১০ বজাৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰা হ’ব বুলি কোৱা হৈছিল যদিও বহুতে প্ৰকাশ কৰা মতে বিভিন্ন এলেকাত পুৱা ৮ বজাৰ পৰাই ইণ্টাৰনেট বন্ধ হৈ পৰে।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ ৩১২৭ টা পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে(Grade III posts) । উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

ইফালে এই পৰীক্ষাক কেন্দ্ৰ কৰি দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰায়ভাগ বাট-পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় । গুৱাহাটী মহানগৰীতো পুৱাৰ যান-জঁটে সাধাৰণ মানুহৰ জীৱন প্ৰায় অচল কৰি তোলে।

পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল, বেগ, পানীৰ বটল, ঘড়ী আদি নিবলৈ দিয়া নহ’ল । আনহাতে চি চি টিভি কেমেৰা নথকা পৰীক্ষা কেন্দ্ৰত তিনিজনকৈ ভিডিঅ’গ্ৰাফাৰৰ ব্যৱস্থা কৰা হয় । তদুপৰি প্ৰত্যেকটো কেন্দ্ৰত এজন ৰাজপত্ৰিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক ছুপাৰভাইজৰ হিচাপে নিযোজিত কৰা হয় । নিবনুৱাসকলে আজি যি আশাৰে পৰীক্ষাত বহিল সেই আশা তেওঁলোকৰ পূৰণ হ’বনে নাই সেয়া সময়ত স্পষ্ট হ’ব ।

Comments are closed.