ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অসমৰ আগশাৰীৰ সংবাদ মাধ্যম দৈনন্দিন বাৰ্তা, DB NEWS, THE ASSAM RISING তথা আলোক প্ৰভঞ্জন কল্যাণ সমাজে আয়োজন কৰা ১৫ সংখ্যক সম্বৰ্ধনা অনুষ্ঠান তথা যুৱ মহোৎসৱত অসমৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলক প্ৰদান কৰে ২০২৪-২৫ বৰ্ষৰ বিশেষ বঁটা। (ASSAM RISING AWARD 2024-25)
সাংস্কৃতিক শিতানত আগবঢ়োৱা বঁটা সমূহৰ ভিতৰত যোৱা ১৬ মাৰ্চত অসমৰ ভ্ৰাম্যমাণ ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আলোক প্ৰভঞ্জন কল্যাণ সমাজৰ তৰফৰ পৰা প্ৰদান কৰে ASSAM RISING AWARD 2024-25। অভিনেত্ৰী গৰাকীক বঁটা প্ৰদান কৰা এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, NEWS 18ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, বিশিষ্ট বিজ্ঞানী ডঃ পৰমানন্দ মহন্ত, বিশিষ্ট শিক্ষাবিদ ৰাজীৱ বৰুৱা, দৈনন্দিন বাৰ্তা কাকতগোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক শংকৰ গোহাঁইকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ সৈতে জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
বঁটাটি গ্ৰহণ কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়-সাংস্কৃতিক শিতানত এগৰাকী বঁটাপ্ৰাপক হিচাপে মোক বাচনি কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। আজি ইমান কেইগৰাকী প্ৰবোধ ব্যক্তিৰ মাজত এই বিশেষ আভূষণটি গ্ৰহণ কৰিবলৈ পাই সঁচাকৈ দুগুণ উৎসাহ লাভ কৰিছোঁ। অভিনয় জগতৰ লগতে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত যাতে নিজৰ অৱদান খিনি সদায়ে আগবঢ়াই যাব পাৰোঁ তাৰ বাবে সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ

