Breaking

অসম সাহিত্য সভাৰ অসম দিৱস উদযাপন ! চাওলুং চুকাফাৰ‌ মহান আদৰ্শৰে আমি আগুৱাই যাব লাগিব : ডঃ সূৰ্যকান্ত হাজৰিকা…

0 86

অসম সাহিত্য সভাৰ অসম দিৱস উদযাপন

চাওলুং চুকাফাৰ‌ মহান আদৰ্শৰে আমি আগুৱাই যাব লাগিব : ডঃ সূৰ্যকান্ত হাজৰিকা

আধুনিক অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাক গভীৰ শ্ৰদ্ধা‌ জনোৱাৰ উদ্দেশ্যে অসম সাহিত্য সভাই চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সাপেখাটি জ্যোতিকলা শাখা সাহিত্য সভা, পুৰণা সাপেখাটি শাখা সাহিত্য সভা, বৰুৱানগৰ শাখা সাহিত্য সভাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনাজৰী মঞ্চত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অসম দিৱসটি দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। পুৱা ৮.৪৫ বজাত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকনে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা উত্তোলন কৰাৰ পিছতে ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে ক্ৰমে সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দুৰ্গা শ্যাম,‌ আদৰণী সমিতিৰ সভাপতি বিমলা ফুকন, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অজিত বৰদলৈ আৰু বিশিষ্ট কবি বিবেক হাজৰিকাই ।

৯.৩০ বজাত স্বৰ্গদেউ চাওলুং চুকাফাৰ‌ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সাংগঠনিক সম্পাদক অজয় সিংহ, অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ প্ৰতিনিধি মুকুট বৰগোহাঁই, প্ৰাক্তন অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধান, ৰবিন বৰুৱা, প্ৰদীপ বৰা আৰু অৰুণ গগৈয়ে। পুৱা ১০ বজাত যুৱ সাংস্কৃতিক কৰ্মী অভিজিত শইকীয়াই পৰিচালনা কৰা ‘সমন্বয়ৰ‌ সেতু’ শীৰ্ষক ’কুঁহি-ৰামধেনু’ কৃষ্টি-সংস্কৃতিৰ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বাণী চাংমায়ে । ইয়াৰ পিছতে দিনৰ ১১.৩০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে । অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ভূপেন শইকীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰতিপ্ৰভা গগৈ, প্ৰাক্তন সভাপতি প্ৰিয়বৰ কোঁৱৰ, অসম সাহিত্য সভাৰ ধনভৰালী মিহিৰ কুমাৰ বৰুৱা, ৰামধেনু আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, কু্ঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ সংবাদ পত্ৰৰ সম্পাদক গৌতম গগৈ, মুক্ত শিক্ষা সংসদৰ আহ্বায়ক টোফেল জিলানী, তিনিচুকীয়া জিলাৰ জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক বিপুল বৰুৱা, সাহিত্য সংগঠক প্ৰশীল কুমাৰ বড়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মণ্টু কুমাৰ বড়া আৰু যুৱ বক্তাৰ বক্তৃতা প্ৰদান কৰে প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ অৰ্কিড বৰুৱাই ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনত মুকুট বৰগোহাঁয়ে সম্পাদনা কৰা ‘সমন্বয়’ শীৰ্ষক স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক বিপিন চন্দ্ৰ কলিতাই । সভাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান সফলতাৰে আয়োজন কৰা কেইবাখনো শাখা সাহিত্য সভাক প্ৰসংশন পত্ৰ প্ৰদান কৰা হয়। সভাপতিৰ সাৰুৱা মন্তব্যত ডঃ সূৰ্যকান্ত হাজৰিকাই কয় যে অসমীয়া জাতিৰ বুনিয়াদ গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি এখন শক্তিশালী অসমৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। অতি বিচক্ষণতাৰে জাতি-জনগোষ্ঠীসমূহৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘটাই স্বৰ্গদেৱে বৃহত্তৰ অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণ কৰিছিল। চাওলুং চুকাফাৰ সমন্বয়ৰ এই চানেকিয়ে শ শ বছৰ ধৰি প্ৰতিগৰাকী অসমীয়াক অনুপ্ৰাণিত কৰি আহিছে। অসমৰ ইতিহাসৰ স্বনামধন্য ব্যক্তিসত্তা স্বৰ্গদেউগৰাকীৰ মহান আদৰ্শক আমি আকোৱালী লʼব লাগিব । ইয়াৰ পিছতে বিয়লি ‌জাতীয় সংগীতেৰে সভাৰ সফল সমাপ্তি ঘটে। সন্ধিয়া পতাকা সম্বৰণেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.