Breaking

২০২৬ চনত আৰম্ভ হ’ব অসম স্কিল বিশ্ববিদ্যালয়ঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

0 29

নিযুক্তি, পৰ্যটন, জলজীৱন মিছনকে ধৰি নানান বিষয় সামৰি মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মন্ত্ৰী বৰুৱাই কয় যে ডিমা হাছাওত কোনো বিৰোধী নাই। নিয়োগ বিনিময় কেন্দ্ৰত আজিৰে পৰা আকৌ ৰি ৰেজিষ্টেচন আৰম্ভ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে পূৰ্বতে ৰেজিষ্টেচন কৰা সকলেও কৰিব লাগিব ৰি ৰেজিষ্টেচন। পূৰ্বতে কিছু নতুন নতুন বিষয়ৰ তথ্য নাছিল পৰ্টেলত।নতুন নতুন বিষয় সমূহৰ তথ্য গ্ৰহণ কৰিবৰ বাবেই এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ।তেওঁ কয় যে ফেব্ৰুৱাৰীৰ ২৯ তাৰিখলৈকে খোলা থাকিব সেৱা সেঁতু পৰ্টেলত এই সুবিধা। বৰ্তমানলৈ ৮৮ হাজাৰক চাকৰি দিয়া হ’ল বুলিও মন্ত্ৰী বৰুৱাই কয়। তেওঁ লগতে কয় যে কামৰূপ,দৰং,মৰিগাৱঁকে ধৰি ৪ খন জিলাত সজাগতাৰ বাবে স্কিল যাত্ৰা সম্পন্ন কৰা হৈছে। ২০২৬ চনত অসম স্কিল বিশ্ববিদ্যালয় আৰম্ভ হ’ব বুলিও তেওঁ কয়। একেদৰে আইটিআই গুৱাহাটীত এইবছৰৰ পৰাই ইয়াৰ এটা কেম্পাচ আৰম্ভ কৰা হ’ব। এইবছৰ ১০ খন জিলাত স্কিল যাত্ৰা চলিব।এইবছৰ ৬ খন ষ্টেট অফ দ্য আৰ্ট ইনষ্টিটিউত আৰম্ভ হ’ব।৩ খন আইটিআই আৰু ৩ খন পলিটেকনিকত থাকিব এই ইনষ্টিটিউট। কাৰিকৰী দক্ষতা বিকাশৰ বাবে চৰকাৰে চুক্তি কৰিছে টাটা ইলেক্ট্ৰনিক্সৰ সৈতে।অহা ২৯ জানুৱাৰীত মেগা কেৰিয়াৰ কাউঞ্চলিং এণ্ড কেৰিয়াৰ ফেয়াৰ হ’ব বুলি মন্ত্ৰী বৰুৱাই কয়।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিযুক্তিৰ সুবিধা নথকা বিশয়সমূহ আইটিআইত বন্ধ কৰা হ’ব।

জলজীৱন মিছনৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে জলজীৱন মিছনে অসমৰ জনসংখ্যাৰ ৭০ শতাংশ লোকক স্পৰ্শ কৰিছে। ঘৰে ঘৰে ৭০ শতাংশ লোকক জলজীৱন মিছনৰ পানী দি থকা হৈছে। মাৰ্চ মাহলৈ ইয়াক ৮০ শতাংশ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ২০২৪ ত এশ শতাংশই জল জীৱন মিছন সম্পূৰ্ণ হ’ব। অসমত প্ৰথমবাৰৰ বাবে জনস্বাস্থ কাৰিকৰী বিভাগে ৭৬০০ খন ই বিলৰ জৰিয়তে অফিচলৈ নহাকৈ ২৬৭৪.৫ কোটি টকা দিয়া হৈছে। জলমিত্ৰ আৰু অস্থায়ী কৰ্মচাৰীৰ মাননি বৃদ্ধিৰ চিন্তা কৰিব চৰকাৰে।জানুৱাৰী মাহত ১ লাখ লোকে একাউন্টত শৌচালয় নিৰ্মাণৰ বাবে পোনপটীয়াকৈ পাব ১২ হাজাৰকৈ টকা।২০২৩ বৰ্ষতো এক লাখ লোকক দিয়া হৈছে ধন।পৰ্যটন বিভাগৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে ২০২২ -২৩ চনত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৮৩ লাখতকৈ অধিক হৈছে। ২০২৩ ৰ পৰা এতিয়ালৈকে ৬৩ লাখতকৈ অধিক ঘৰুৱা পৰ্যটক অসমলৈ আহিছে। তেওঁ লগতে কয় যে ফেব্ৰুৱাৰী মাহত বিধান সভাত পৰ্যটন আইন অনা হ’ব। ২০২৩ ত বিদেশী পৰ্যটকৰ সংখ্যা ১৫ হাজাৰতকৈ অধিক আছিল বুলিও তেওঁ কয়। মন্ত্ৰী বৰুৱাই লগতে কয় যে পৰ্যটন ক্ষেত্ৰ হিচাপে যোৰহাট আৰু কোকৰাঝাৰৰ উন্নয়ন কৰা হ’ব। কামাখ্যা,অশ্বক্লান্ত, দৌল গোৱিন্দ,আউনীআটী সত্ৰকে ধৰি ৭ টা ধৰ্মীয় স্থানক গঢ়ি তোলা হ’ব পৰ্যটন ক্ষেত্ৰ হিচাপে। সংবাদমেলত মন্ত্ৰী বৰুৱাই আলফাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হোৱা চুক্তি আৰু ৬ নং দফা প্ৰসংগত কাৰো নাম উল্লেখ নকৰাকৈ আছুক উভতি ধৰে। মন্ত্ৰী বৰুৱাই কয় যে অসমৰ কথা চিন্তা কৰিয়েই এতিয়া বাস্তৱৰ বিষয়ত চিন্তা কৰিব লাগে। অসমত বাস্তৱ বহুত বেলেগ বুলি কৈ মন্ত্ৰী বৰুৱাই কয় যে আছুৱে চুক্তি কৰিবলৈ ক’লে বুলিয়েই বাংলাদেশে মানি ল’ব নেকি যে তেওঁলোকৰ মানুহ অসমত আছে । বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তি কৰিবলে কোৱাটো অনৰ্থক কথা বুলিও তেওঁ কয়।

ৰাহুল গান্ধীৰ প্ৰসংগত মন্তব্য কৰি বৰুৱাই কয় যে মোৰ ৰাজনৈতিক ইতিহাসত ৰাহুল গান্ধীয়ে এতিয়ালৈ বহুবাৰ লঞ্চিং কৰিলে। কিন্তু সকলোতে তেওঁ বিফল হৈছে। এইবাৰ মণিপুৰৰ পৰা আকৌ ৰি লঞ্চিং কৰিব বিচাৰিছে।লঞ্চিং মানেই বিফল ৰাহুল গান্ধী। তেওঁ লগতে কয় যে কংগ্ৰেছে আঢ়ৈ টা চিটতহে প্ৰাৰ্থী দিবলৈ বিচাৰিব লাগে।আমি চাৰে এঘাৰটা পামেই। বিজেপিৰ প্ৰাৰ্থীয়ে ডিমা হাছাও নিৰ্বাচনত ১০০ শতাংশই জিকিব বুলি তেওঁ কয়।

Leave A Reply