Breaking

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৰাক্ষসমাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভা অনুষ্ঠিত…

0 29

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৰাক্ষসমাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভা অনুষ্ঠিত হয়৷উল্লেখ্য যে ৰাক্ষসমাৰী ৰাজহুৱা ৰংগমঞ্চত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাক্ষসমাৰী উপ শাখা সমিতিৰ বিষয়ববীয়া সভাখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ শোণিতপুৰ জিলাৰ সম্পাদক বসন্ত চাচনীয়ে৷উক্ত সভাখনিত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতীয়ে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনিত বিশিষ্ট সমাজকৰ্মী মণি দাস,সদৌ

অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পশ্বিম ঢেকীয়াজুলি আঞ্চলিকৰ সভাপতি আষোতোষ দাস,বেংগলী মহিলা সমিতিৰ নেত্ৰী শ্বেফালি মজুমদাৰ,আদিবাসী ছাত্ৰ সন্থাৰ নেতা অজিত মহাপাত্ৰ উপস্থিত থাকে৷ইপিনে বিষয়ববীয়া সভাখনিতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাক্ষসমাৰী উপ শাখা সমিতি গঠন কৰে৷

প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

Leave A Reply

Your email address will not be published.