Breaking

Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

17

বান-নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ জলাশয় বাছনি তথা উন্নয়ন আৰু আনুসংগিক বিষয়ত আলোচনা(Flood Control in Assam) । বিভাগীয় অভিযন্তা-কৰ্মাচাৰীয়ে বিগত বানৰ সময়ত লোৱা শক্তিশালী ভূমিকাৰ শলাগ জলসম্পদ মন্ত্ৰী হাজৰীকাৰ ।

গুৱাহাটী, ১০ ছেপ্তেম্বৰ: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলী(virtual review meeting) বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়(Assam Water Resources Minister Pijush Hazarika) । ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচীৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলৰ সৈতে বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰে(Flood Control in Assam) ।

বিশেষকৈ বিভাগে হাতত লোৱা জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সকলো অভিযন্তাকে নিৰ্দিষ্ট কিছু জলাশয় বাছনি কৰি বান নিয়ন্ত্ৰণৰ সহায় হোৱাকৈ উন্নয়ন কৰিব পাৰি নেকি সেয়া অধ্যয়ন কৰিবলৈ নিৰ্দেশনা দিয়ে(Focus on Lake Development for Flood Control) ।

উল্লেখ্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যখনৰ বান নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ নদীৰ সৈতে সংলগ্ন কিছু জলাশয় বাছনি কৰি উন্নয়ন কৰাৰ চিন্তা চৰ্চা কৰি আছে((Flood control measures)) । প্ৰাথমিক পৰ্যায়ত মুঠ ৯ টা এনে জলাশয় বাছনি কৰি ইতিমধ্যে ক্ষেত্ৰ অধ্যয়ন কৰি থকা হৈছে । এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে বিস্তৃতভাৱে সোমবাৰৰ এই বৈঠকত আলোচনা কৰে ।

সোমবাৰৰ এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে অহা খৰালিৰ সময়ত ৰাজ্যখনত নিৰ্মাণ হ’বলগা প্ৰায় ২২৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ বিষয়েও উল্লেখ কৰি সকলোকে এই নিৰ্মাণকাৰ্যৰ সুক্ষ্ম তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিগত বানৰ সময়ত বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলে লোৱা সবল ভূমিকাৰ কথা উল্লেখ কৰি সকলোৰে শলাগ লয় ।

বিভাগীয় অভিযন্তা-কৰ্মচাৰীৰ কষ্ট তথা সবল ভূমিকাৰ বাবে এইবাৰ বানৰ প্ৰকোপ যথেষ্ট হ্ৰাস পোৱা বুলি তেওঁ উল্লেখ কৰে | উল্লেখ্য যে বিগত বিধানসভাৰ শৰৎকালীন অধিৱেশনত জলসম্পদ বিভাগৰ কামৰ ওপৰত আলোচনা কৰি শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে জলসম্পদ বিভাগে বিগত তিনিটা বছৰত বান-নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা কামসমূহৰ ভুয়সী প্ৰশংসা কৰিছিল ।

সোমবাৰৰ বৈঠকত এই বিষয়ে উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে এইবছৰ বানত মূলতঃ মথাউৰিৰ ভিতৰফালে অৰ্থাত নদীৰ ফালে ক্ষতিগ্ৰস্ত বেছিকৈ হৈছে । মথাউৰিৰ ভিতৰফালে বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত নদীৰ খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে(River Erosion) ।

Comments are closed.