গুৱাহাটী, ৩ নৱেম্বৰঃ অসম ভাৰোত্তলন সন্থাৰ(Assam Weightlifting Association) চলিত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কার্যনির্বাহক সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
আজিৰ বৈঠকত সমিতিৰ আন সদস্যসকলৰ নির্বাচনৰ ফলাফলো ঘোষণা কৰা হয়৷ এই উপলক্ষে ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, অসম ভাৰোত্তোলন সন্থাৰ দৰে এটা সন্মানীয় সংস্থাৰ সভাপতি হিচাপে মোক নিৰ্বাচিত কৰাৰ বাবে মই ধন্য হৈছো(North East Olympic Games)। মোৰ প্ৰতি আস্থাভাজন হৈ মোক সমৰ্থন কৰাৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ ৰৈ ৰম(Manipur)।
ভাৰোত্তোলনৰ দৰে আগশাৰীৰ খেলত অসমৰ ক্ৰীড়া প্ৰতিভাৰ কল্যাণ আৰু উন্নতিৰ বাবে কাম কৰিবলৈ সুযোগ পোৱাটো মোৰ বাবে সঁচাকৈ বৰ গৌৰৱৰ কথা(Nagaland)। অপৰিসীম সম্ভাৱনাপূৰ্ণ খেল বাবেই ভাৰোত্তোলন শাখাত ভাৰতৰ খেলুৱৈসকলে বিশ্বমানৰ প্ৰদৰ্শন আগবঢ়াই আহিছে।
আমাৰ দায়িত্ব হৈছে কম বয়সতে এনে প্ৰতিভা সন্ধান কৰি তেওঁলোকক উচিত প্ৰশিক্ষণ প্ৰদানৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰা আৰু একে সময়তে তেওঁলোকৰ দক্ষতাক নিখুঁত কৰি একো একোজন বিশ্বমানৰ খেলুৱৈ হিচাপে উন্নীত কৰি তোলা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত ভাৰতীয় খেলুৱৈয়ে বিশ্বমানৰ খেল আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শন কৰি আহিছে। ভাৰোত্তোলনতো আমাৰ বহু খেলুৱৈ আছে যিয়ে বিশ্ব মঞ্চত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে।
এই ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ভৱিষ্যতেও দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
অসম ভাৰোত্তলন সন্থাৰ নৱগঠিত সমিতিৰ আন নৱনিৰ্বাচিত সদস্যসকল হ’ল উপ-সভাপতি হিচাপে হিৰণ্য ভূঞা আৰু মিতামণি গোস্বামী; সাধাৰণ সম্পাদক হিচাপে মনোজ কুমাৰ বড়ো; যুটীয়া সম্পাদক হিচাপে অসীম দত্ত আৰু অৰ্চনা বড়ো; কোষাধ্যক্ষ হিচাপে ৰেখামণি বৰা নিৰ্বাচিত হোৱাৰ লগতে সদস্য হিচাপে ইমানুল হক, গীতাশ্ৰী সোণোৱাল, কেশৱ গগৈ, স্বপ্না প্ৰিয়া বৰুৱা আৰু পিণ্টু ছেত্ৰী নিৰ্বাচিত হয়।
ৰিটাৰ্নিং অফিচাৰ হিচাপে থানেশ্বৰ শৰ্মা; ভাৰতীয় ভাৰোত্তোলন সন্থাৰ পৰা পৰ্যবেক্ষক হিচাপে অৰুণ কুমাৰ কেশৰী; অসম অলিম্পিক সন্থাৰ পৰা পৰ্যবেক্ষক হিচাপে ৰাজীৱ প্ৰকাশ বৰুৱাই দায়িত্ব গ্ৰহণ কৰে।