REC National Open Boxing: আৰ ই চি ৰাষ্ট্ৰীয় মুকলি বক্সিঙত অসমৰ ১৬ টা পদক, দ্বিপাঞ্জলী দৈমাৰী-ৰিম্পী পেগুৰ সোণ অৰ্জন

গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসমৰ দ্বিপাঞ্জলী দৈমাৰী আৰু ৰিম্পী পেগুৱে গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত সোণ লাভ কৰিবলৈ সক্ষম হৈছে৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷(REC National Open Boxing)

উল্লেখ্য যে এলিট মহিলাৰ শাখাত অসমৰ ছয় গৰাকী বক্সাৰে পদক জয় নিশ্চিত কৰিছিল৷ কিন্তু দ্বিপাঞ্জলী দৈমাৰীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে খিতাপৰ যুঁজত মনিপুৰৰ ট’জিম ভূমাবতিক ৫-১ ৰ ব্যৱধানত পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে, অসমৰ ভূপালীয়ে ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত হাৰিয়ানাৰ নেহা গুৰ্জাৰৰ বিৰুদ্ধে ২-৩ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ লাভ কৰে৷(Assam win 16 medals in talent search open boxing competition)

ইফালে, গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনত এলিট মহিলাৰ শাখাৰে ৮১ কিলোগ্ৰামৰ ফাইনেলত অসমৰ ইলুৰা বৰগোঁহাই অন্ধ্ৰ প্ৰদেশৰ সতিৱাডাৰ হাতত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ আনহাতে, ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকে ৫৪ কিলোগ্ৰাম শাখাত খেলা সুমিত্ৰা ব্ৰহ্ম আৰু মঞ্জু বসুমতাৰী তথা ৫৭ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হোৱা মনালিছা বসুমতাৰীয়ে৷(guwahati)

ইফালে, অসমক দ্বিতীয়টো সোণৰ পদক দিয়ে যুৱ মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত খেলা ৰিম্পী পেগুৱে৷ ফাইনেলত ৰিম্পীয়ে ৪-০ ৰ ব্যৱধানত পৰাস্ত কৰে চণ্ডিগড়ৰ কবিতাক৷ আনহাতে, অসমৰ জেস্মিতা দৈমাৰীয়ে ৫৭ কিলোগ্ৰাম শাখাৰ ফাইনেলত মনিপুৰৰ নিমসোলান খাপাইৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ একেদৰে যুৱ মহিলাৰ ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলতো অসমৰ বিদিশা বৰুৱা তামিলনাডুৰ দূৰ্গাশ্ৰীৰ হাতত পৰাস্ত হৈ ৰূপ লাভ কৰে৷(Dipanjali Daimari and Rimpi Pegu)

আনহাতে, অসমৰ ভাৰতী কুমাৰী ৪৮ কিলোগ্ৰাম শাখাৰ তথা মনিকা চুব্বাই ৫১ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ অৰ্জন কৰে৷ ইফালে, এলিট পুৰুষ শাখাত অসমৰ একমাত্ৰ বক্সাৰ ৰূপে ৮৬ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা খাৰানান্দায়ো ব্ৰঞ্জ পদকহে লাভ কৰিবলৈ সক্ষম হয়৷ (boxing federation of india) 

ইফালে, যুৱ পুৰুষ শাখাৰ ৭০ কিলোগ্ৰামৰ ফাইনেলত অসমৰ যুৱৰাজ যাদব হাৰিয়ানাৰ নিতিন পাংঘলৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ লাভ কৰে৷ একেদৰে আকাশ কচাৰীও ৮৫ কিলোগ্ৰামৰ ফাইনেলত হাৰিয়ানাৰে আদিত্যৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক পায়৷ আনহাতে, ৬০ কিলোগ্ৰামৰ ছেমিফাইনেলত অসমৰ জুনাইদ আনন তথা অসমৰে গংগা ৰাভাই ৭০ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে৷

Related Articles