Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

গুৱাহাটী, ৩ অক্টোবৰঃ দেশৰ সাংস্কৃতিকভাৱে উল্লেখযোগ্য ভাষাৰ তালিকাখন সম্প্ৰসাৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Union Minister Ashwini Vaishnaw) বৃহস্পতিবাৰে আৰু পাঁচটা ভাষাক “ধ্ৰুপদী” ভাষা হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে। পাঁচটা ভাষাক ধ্ৰুপদী ভাষা হিচাবে স্বীকৃতি দিয়াৰ প্ৰস্তাৱক ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়(Assamese Classical Language)।

কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি মন্ত্ৰী বৈষ্ণৱে কয় “প্ৰধানমন্ত্ৰী মোদীয়ে সদায় ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । আজি পাঁচটা ভাষা ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে অনুমোদন জনোৱা হৈছে’ (Classical Language of India)। এতিয়াৰ পৰা এই ভাষাকেইটাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা আন ছটা ভাষাৰ শাৰীত অন্তৰ্ভূক্ত হ’ব ।

পূৰ্বে চৰকাৰে তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম, আৰু ওড়িয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছিল ।

কেন্দ্ৰৰ এনে সিদ্ধান্তৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam Chief Minister Himanta Biswa Sarma) অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয় “অসমীয়া ভাষা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সমগ্ৰ কেন্দ্ৰীয় কেবিনেটলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ’’।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও(Union Minister Sarbananda Sonowal) কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই সংশ্লিষ্ট সলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ অক্টোবৰত কৈছিল যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈ ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে ‘নিয়মীয়া যোগাযোগ’ত আছে।

এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। ভাষাটোক এক অনন্য স্থানৰ যোগ্য বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) এই অনুৰোধ বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছো ।

Related Articles