Assamese Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি, সাহিত্য সভাৰ ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু ব্যক্তিগত অনুভৱ

দৈনন্দিন বাৰ্তা, বিশেষ লেখাঃ আজিকালি মোৰ বহুত সময়। কাৰণ, মোৰ মোবাইল নামৰ এটা আটকধুনীয়া যন্ত্ৰ আছে। যন্ত্ৰটোত সময়বোৰ পাৰ কৰিব পৰাকৈ সকলোখিনি সুবিধা আছে । যন্ত্ৰটোত ফেচবুক, ৱাটছএপ, ইউ টিউব, ইনষ্ট্ৰগ্ৰাম, টুইটাৰ আদি সামাজিক মাধ্যমৰ সকলোখিনি উৎস যোগাৰ কৰি থৈছোঁ। পলে পলে, মিনিটে মিনিটে মোৰ এই মোবাইলটোলৈ লুইতৰ বুকুৱেদি অহৰ্নিশে পানী বৈ অহাৰ দৰে অহৰহ কিবা কিবি জ্ঞান বাৰ্তা আহিয়েই থাকে। সেয়েহে আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)

এই জ্ঞান প্ৰচাৰৰ বাবে মোৰ কেইবাটাও গ্ৰুপ আছে। গ্ৰপটোৰ বাকীবোৰে মোৰ বাৰ্তাবোৰৰ বাবে অপেক্ষা কৰি থাকে। তাতে আজিকালি টি আৰ পিৰ যুগ। কোনে কিমান আগতে বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰে, তাৰ প্ৰতিযোগিতাত নমাৰ যুগ। তাৰ বাবেই আজিকালি কেৱল টেলিভিশ্যন চেনেল কেইটাই নহয়, ফেচবুক, ইউ টিউব, ৱাটছএপ সকলোৰে মাজত প্ৰতিযোগিতা। কভিড মহামাৰীৰ পিছৰ পৰা সামাজিক মাধ্যমত এই প্ৰতিযোগিতা ইমানেই বাঢ়িল যে এতিয়া মানুহবিলাক বহুত জ্ঞানী হৈ গল। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ মই। ইমান জ্ঞান সাগৰৰ মোৰ প্ৰয়োজন আছেনে। পাৰিম জানো এই সকলো জ্ঞান ভাণ্ডাৰ এই মগজুত ভৰাই লবলৈ।(English language in Sahitya Sabha’s WhatsApp group)

ৱাটছএপ, ফেচবুক অহাৰ আগতে বাৰু মানুহবোৰ ইমান জ্ঞানী নাছিল নেকি। আজিৰ অহৰহ এই জ্ঞান সহজলভ্য হোৱাৰ ফলত ডেকা বুঢ়া, জ্ঞানী অজ্ঞানী, চোকা গাধাৰ মাজত প্ৰাৰ্থক্য নোহোৱা হৈ পৰিল যেন অনুভৱ হয়। আগতে কণিষ্ঠজনে নজনা কথা এটা জানিবৰ বাবে জ্যেষ্ঠজনৰ কাষ চপাৰ সলনি এতিয়া জ্যেষ্ঠজন কনিষ্ঠজনৰ কাষ চাপিব লগা হল। কনিষ্ঠ- জ্যেষ্ঠৰ মাজত সামাজিক প্ৰভেদ কমি এতিয়া এনেকুৱা হৈ পৰিল যে বহুক্ষেত্ৰত কনিষ্ঠজনে জ্যেষ্ঠজনক সন্মান কৰিব নজনা হল বা নিবিছৰা হল। কাৰণ আজি আপোনাৰ মোৰ হাতত যিটো মোবাইল আছে নৱ প্ৰজন্মৰ হাইস্কুল বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ হাততো সেই মোবাইলেই আছে। আপুনি,মই সামাজিক মাধ্যমৰ জৰিয়তে যি চাই আছোঁ, সেই লৰা ছোৱালী কেইটাইয়ো তাকেই চাই আছে। সেয়া লাগিলে তেওঁ গাঁও, নগৰ বা মহানগৰ, যতেই নাথাকক কিয়। তাতে জ্যেষ্ঠজনে যদি কিবা অসামাজিক কাম কৰাৰ কিবা ভিডিঅ বা বাৰ্তা এটা ভাইৰেল হল, তেতিয়াতো কথাই নাই। যুৱ প্ৰজন্ম বা সেই হাইস্কুল, কলেজৰ লৰা ছোৱালী কেইটাই ভাবিয়েই লব যে আজিৰ জ্যেষ্ঠসকল এনেকুৱাই। সেয়েহে এতিয়া ক্ৰিকেট খেলৰ থাৰ্ড আম্পায়াৰৰ দৰে সামাজিক মাধ্যম বা আজিৰ লৰা ছোৱালীবোৰ একো একোজন ঠাৰ্ড আম্পায়াৰ হৈ পৰিল। তেঁওলোকৰ কেমেৰাত বন্দী এতিয়া সমাজৰ সকলো স্তৰৰ লোক।( whatsapp, facebook)

সেয়েহে এতিয়া সময় থাকিও সময়বোৰৰ বৰ অভাৱ আজিৰ এচাম লোকৰ। মোবাইল ব্যস্ত জীৱনত আজিকালি কাৰোবাক ফোন এটা কৰি খবৰ লবলৈ বা কাৰোবাৰ ঘৰত গৈ মাত এষাৰ দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। কাৰণ তেওঁলোকক অহৰহ আবৰি আছে এই ফেচবুক, ৱাটছৱাপ বাৰ্তাবোৰে। ইয়াৰ বাবেই বহু সময়ত সমাজৰ এচাম লোকৰ মাজত আজিকালি জ্ঞানৰ প্ৰতিযোগিতা বৃদ্ধি পোৱা দেখা গৈছে। তেওঁলোকৰ জ্ঞানৰ গভীৰতা ইমানেই বৃদ্ধি পাই যে তেওঁলোকে মোবাইলতে ব্যস্ত থাকি ভাল পায়। সামাজিক মাধ্যমত দেখি থকা কিছুমান বিষয়ে আজিৰ সমাজক সহজেই আকৃষ্ট কৰাৰ বাবে আজিৰ তাৰিখত সততে বহুতৰ চিন্তা ধাৰাৰ অবক্ষয় হোৱা দেখা যায়। মোবাইল আৰু সামাজিক মাধ্যমৰ বাবে আজিকালি কাৰোবালৈ বাৰ্তা বা শুভেচ্ছা প্ৰেৰণৰ বাবে ৱাটছৱাপ ব্যৱহাৰ কৰি দায়মুক্ত হব পৰা হল। সমাজ গাঁথনি সামাজিক মাধ্যমে সহজ আৰু অন্যহাতে বিধ্বস্ত কৰি পেলালে। বিহুৱে – পুজাইটো কথাই নাই। সামাজিক মাধ্যম যোগে কাৰোবালৈ পঠোৱাৰ পূৰ্বে ৰেডিমেদ বাৰ্তা এটা আহিয়ে যায়। তাকে কপি, পেষ্ট কৰিলেই হয়। শুভেচ্ছা হৈ যায়। জন্মদিন বা মৃত্যুৰ খবৰৰ বাবেও ৰেডিমেড বাৰ্তা আজিকালি সহজলভ্য। ইয়াতো কপি – পেষ্টৰ ব্যৱহাৰ। (social media)

দুদিন পূৰ্বে এজনলৈ পঠোৱা বাৰ্তাটো আছেই নহয়। তাকেই পঠাই দিলেই হয়। লাগিলে সেই অনুভবে কাৰোবাৰ হৃদয় স্পৰ্শ কৰকেই বা নকৰক। অন্যহাতে লাইক বোলা বস্তুটো যেন আজিকালি আঙুলিৰ খেলহে। বহুতো ক্ষেত্ৰত দেখা যায় যে আপোনাৰ লেখাটো পঢ়ক বা নপঢ়ক লাইকৰ জেগাত আঙুলিতো যাবই। সিদিনা এঠাইত বহি মানুহ এজনৰ হাতত থকা মোবাইলটো লক্ষ্য কৰি দেখিলোঁ মানুহজনৰ আঙুলিটো যন্ত্ৰৰ দৰে চলি গৈছে। ফেচবুকত এফালৰ পৰা লাইক মাৰি গৈছে। যেন বেংকৰ কেচিয়াৰজনে হাতত থকা টকাৰ বান্দিলৰ নোটবোৰ আঙুলিৰ টিপেৰে অহৰহ গণি গৈছে। ফেচবুকত লাইক্ মৰাজনৰ তাত কি আছে, কি নাই সেয়া চাবলৈ সময় নাই। লাগিলে সেই লাইকত কোনোবা স্বৰ্গগামীয়ে হওঁক বা আই চি ইউৰ বিছনাত মৃত্যুৰ ক্ষন গণি পৰি থকা বাৰ্তাই হওঁক। মুঠতে লাইক। নিজেই বহুক্ষেত্ৰত দেখি আহিছোঁ যে সামাজিক মাধ্যমত কিবা এটা লিখনি বা ভিদিঅ প্ৰেৰণ কৰাৰ লগে লগেই লাইক বা ‘ভাল লাগিল’ ধৰণৰ ৰেডিমেড মন্তব্য আহি যায়। অথচ তাত কি আছে, কি নাই, সেয়া সেইখিনি সময়ৰ ভিতৰত পঢ়া বা চোৱা সম্ভৱেই নহয়। এয়া আজিৰ সমাজৰ এক শ্ৰেণী লোকৰ মাজত সামাজিক মাধ্যমত সততে দৃশ্যমান একো একোখন প্ৰতিচ্ছবি।(mother tongue of assam)


সিদিনা একলেণ্ডলৈ গলোঁ। তাত দেখিলোঁ এগাল পুৰুষ মহিলাই এবুকো পানীত চুটি কাপোৰ পিন্ধি জলকেলি কৰি আছে। তাকে দেখি মোৰ ছোৱালী আৰু পৰিবাৰৰ প্ৰথমে লাজ লাগিছিল যদিও পিছলৈ সহজ হৈ পৰিল। চুইমিং পুলত বিকিনি পিন্ধা লৰা ছোৱালী কেইটা দেখি মনলৈ বেয়া ভাৱ নাহে যদিও সেই একেটা ড্ৰেছ ৰাজহুৱা স্থান বা বাট পথত পিন্ধিলে সেয়া অসভ্যালি হৈ পৰে। ঠিক সেইদৰে বিহুৱে সংক্ৰান্তীয়ে বা ধৰ্মীয় অনুষ্ঠান পৰ্বত অসমীয়া জাতীয় পোছাক যোৰ পিন্ধিলে যিটো শোভা বৰ্ধন কৰে, লং পেণ্ট চাৰ্ত বা জিনছ পিন্ধিলে তেনে নহয় । বহুক্ষেত্ৰত ব্যক্তিজন ককৰ্থনাৰ সন্মুখীন হব লগীয়া হয়। অৰ্থাৎ ঠাই বিশেষে ‘দেশ চাই বেশ’ কথাষাৰ প্ৰযোজ্য হয়। কিন্তু সামাজিক বা ডিজিটেল মাধ্যম ইয়াৰ পৰা পৃথক। ফেচবুক, ৱাটচ এপ আদিৰ জৰিয়তে যাৰ যি মন যায়, তাকেই প্ৰেৰণ বা আপলোড কৰিব পাৰে বা কৰা দেখা যায়। বাতৰি কাকত এখনত কিবা এটা প্ৰকাশ কৰাৰ পূৰ্বে সম্পাদক মণ্ডলীয়ে বিচাৰ বিবেচনা কৰাৰ সুবিধা থকাৰ বিপৰীতে সামাজিক মাধ্যমৰ বিভিন্ন উৎস সমূহত প্ৰত্যেকজন নেটিজনেই এজন এজন সাংবাদিক বা সম্পাদক হৈ পৰে। ইয়াৰ ফলত আজিৰ নেটিজেন সকল ইমান বেছি জ্ঞান গম্ভীৰ হৈ পৰিল যে প্ৰত্যেকেই আনৰ পৰা জ্ঞান লোৱাৰ পৰিবৰ্তে জ্ঞান দিব পৰাহে হল। আৰু জ্ঞান সাগৰৰ প্ৰতিযোগিতাত মানুহে প্ৰত্যেক বিষয়ত গুৰুত্ব প্ৰদান কৰি সকলোবোৰ বিষয়ত জঁপিয়াই পৰি সামাজিক মাধ্যমৰ মায়াত নিমগ্ন হৈ পৰিল। অৰ্থাৎ বহুসংখ্যক নেটিজেনে ( সকলো নহয়) কোন ঠাইত কি সাজ পিন্ধিব লাগে সেই কথাত গুৰুত্ব নিদিয়াৰ দৰে য’ত ত’ত, যি টি বাৰ্তা প্ৰেৰণ কৰা হল। ফলত খিছিৰি হৈ পৰিল সামাজিক মাধ্যম সমূহ। ইয়াৰ বিপৰীতে আজিকালি বহু ক্ষেত্ৰত নিজৰ সুবিধাৰ বাবে কিছুমান ৱাটছএপ গ্ৰুপ খুলি লোৱা দেখা যায়। সেই গ্ৰুপত সেই বিষয়ৰ বাৰ্তাহে প্ৰেৰণ কৰা হয়। যেনেদৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ গ্ৰুপত সেই শ্ৰেণীৰ কথা বা বিদ্যালয়ৰ অভিভাৱকৰ গ্ৰুপত বিদ্যালয়ত সম্মুখীন হোৱা যিকোনো বিষয় আদিৰ আলোচনা হয়। তেনেদৰে বন্ধুমহলৰ মাজত এনে কিছুমান গ্ৰুপ খোলা হয়, যত সকলো কথা বা বিষয় সামৰি লব পৰা যায়। কিন্তু অসম সাহিত্য সভাৰ দৰে এটা ৱাটছএপ গ্ৰুপত অসমীয়া সাহিত্যৰ পৰিবৰ্তে ইংৰাজী সাহিত্যৰ প্ৰয়োভৰ ঘটা উচিত নে ? বহু সময়ত কিন্তু ই এক বিচাৰ্যৰ বিষয় হৈ পৰে।


ৱাটছএপ বাৰ্তাবোৰ আন এজনলৈ প্ৰেৰণ কৰা সময়ত বহুতেই সাধাৰণতে ইংৰাজী ভাষা ব্যৱহাৰ কৰিহে ভাল পায়। কাৰণ ইংৰাজীত লিখা সহজ আৰু সহজেই বাৰ্তাটো সঠিকভাৱে প্ৰকাশ বা প্ৰেৰণ কৰিবলৈ সুবিধা হয় । বহুতেই পেছাদাৰী কামকাজ সমূহো ইংৰাজীতে কৰে। কাৰণ এই ক্ষেত্ৰত ইংৰাজী যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু মই যেতিয়া সাহিত্য চৰ্চা কৰোঁ সেই সময়ত অসমীয়া ভাষাহে ব্যৱহাৰ কৰোঁ। তাৰ বাবে মোৰ এটা বিশেষ গ্ৰুপ আছে। সেয়া হল সাহিত্য সভা গ্ৰুপ। মই এই বিশেষ গ্ৰুপটোত আনে লিখা বা আনে পঢ়ি ভাল পোৱা জ্ঞানবৰ্ধক লেখা বা সাহিত্য সমূহ পঢ়ি ভাল পোৱাৰ দৰে আনে গ্ৰুপলৈ প্ৰেৰণ কৰা লেখা সমূহ পঢ়ি সাহিত্যৰ তৃপ্তি লওঁ, কৃতাৰ্থ হওঁ আৰু সম্যক জ্ঞান অৰ্জন কৰো। বহুতে বাছনিত উঠা লেখা প্ৰেৰণ কৰাত নিজৰ কিছু কষ্ট লাঘৱ হয় আৰু সেয়েহে কপি পেষ্ট কৰা লেখা সমূহ আন্তৰিকতাৰে পঢ়োঁ আৰু প্ৰেৰণ কৰ্তাক ভিতৰি ভিতৰি ধন্যবাদ প্ৰদান কৰোঁ। কিন্তু এই গ্ৰুপত যেতিয়া ইংৰাজী বা অন্য ভাষাৰ কিছুমান সামঞ্জ্যন্স হীন বাৰ্তা দেখা পাওঁ, তেনেক্ষেত্ৰত গ্ৰুপটোৰ আকৰ্ষণ লাঘৱ হয়। কাৰণ সেই একেবোৰ বাৰ্তা আন গ্ৰুপ সমূহৰ যোগেদি লাভ কৰোঁ। গতিকে এই ক্ষেত্ৰত গ্ৰুপৰ সদস্য সকলে মনোযোগ দিয়া উচিত যে সাহিত্য চৰ্চা গ্ৰুপত তেনেধৰণৰ অপ্ৰাসংগিক বাৰ্তা প্ৰেৰণৰ প্ৰয়োজন আছে নে নাই।

অসমীয়া ভাষাত টাইপ কৰি লিখাত আৰম্ভনিতে কাৰিকৰীভাবে বহুতৰেই অসুবিধা হয় আৰু সেই বাবেই বহু সময়ত কিবা লিখাৰ হেঁপাহ থাকিলেও লিখা নহয়গৈ। অৱশ্যে ব্যৱহাৰ কৰি থাকিলে ঘহুতে ঘহুতে শিল ক্ষয় যোৱাৰ দৰে পিছলৈ সহজ হয়। এটা কথা ঠিক যে মই অসমীয়া লিখি হয়তু অসমীয়া ভাষাৰ উত্তৰণত কিছু এক ভূমিকা পালন কৰিব পাৰোঁ, কিয়নো অসমীয়া ভাষা বিশ্বৰ এমুঠি মানুহে ব্যৱহাৰ কৰে। কিন্তু ইংৰাজী ভাষাৰ সমৃদ্ধিৰ বাবে মই নহলেও ইংৰাজী ভাষাৰ বিশেষ ক্ষতি নহয়। আজিৰ তাৰিখত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাতো যিদৰে গৌৰবৰ কথা সেইদৰে ইয়াৰ প্ৰতিপালন কৰাটোও প্ৰত্যেকজন স্বভিমান সচেতন নাগৰিকৰ কৰ্তব্য। সেয়েহে বিশেষকৈ অসম সাহিত্য সভাৰ গ্ৰুপত অসমীয়া সাহিত্য চৰ্চাৰ উপৰত গুৰুত্ব প্ৰদান কৰাটো সকলোৰে বাবে সমানেই দায়বদ্ধ হৈ পৰিছে। জয়তু চিৰ চেনেহী মোৰ ভাষা জননী।(assamese Language typing)

লেখখঃ উৎপল শইকীয়া

Related Articles