Assamese Film Abhimanyu: জ্যোতি চিত্ৰবনত ‘অভিমন্যু’ৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ্ছ মুকলি

গুৱাহাটীঃ শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া চিনেমা অভিমন্যুৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ্ছ আজি মুকলি কৰা হয় জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। এই কাৰ্যসূচীত
বন্তি প্ৰজ্বলনত অংশ লয় ডাঃ হিতেশ বৰুৱা, উৎপল মেনা, লীনা ৰহমান, ৰাজেশ ভূঞা আদিয়ে। চিনেমাখনৰ ৫ খনকৈ পোষ্টাৰ আজি মুকলি কৰা হয়।(Assamese Film Abhimanyu)

পোষ্টাৰ মুকলি কৰে তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই। মোশ্যন পিকচাৰ মুকলি কৰে উৎপল দাস আৰু সিদ্ধাৰ্থ গোৱেংকাই। প্ৰিয়ংকা ভৰালী, জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে কণ্ঠদান কৰা আৰু ৰাজদ্বীপৰ কথা, সুৰ আৰু সংগীতৰ ‘মোৰে কানাই’ শীৰ্ষক গীতটি মুকলি কৰা হয়। এই গীতটিৰ অভিনয় কৰিছে ৰাছিয়ান‌ শিল্পীয়ে। জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে ভুমুকি মাৰিছে গীতটোত।(Abhimanyu’s song poster and motion pictures released)

দীপলিনা ডেকা, কমললোচন, উৰ্মিলা মহন্ত, দেৱজিৎ মজুমদাৰ, ৰাজীৱ গোস্বামী, ভগৱত প্ৰীতম, জ্বলী লস্কৰকে ধৰি বিভিন্ন শিল্পীয়ে অভিনয় কৰিছে ১৫ নৱেম্বৰত মুক্তি পাবলগীয়া এই চিনেমাখনত।(Deeplina deka)

Related Articles