অসমীয়া ভাষাৰ বিকাশ আৰু অসম চৰকাৰৰ কৰণীয়

দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত প্ৰথম কলমত শ্ৰী পুলেন গোস্বামীদেৱৰ কলম পঢ়িলোঁ। সেয়েহে ভাষাৰ সংকটৰ ওপৰত দুআষাৰ লিখিবলৈ যত্ন কৰিছোঁ।

ভাষা আমাৰ প্ৰথম পৰিচয়। ভাষাটোৰ উচ্চাৰণতেই আমাৰ পৰিচয় প্ৰকাশ পায়। যিকোনো জাতিয়েই নিজৰ ভাষাটোক ভাল পায়। আমিও অসমীয়া হিচাপে অসমত নিজৰ ভাষাটোক লৈ চৰম সন্তুষ্টি লভিব খোজোঁ।

কিন্তু আজি যে আমাৰ ভাষাটো সংকুচিত ৰূপত ব্যৱহাৰ হ’বলৈ ধৰিছে সেয়া অসমখন ইমুৰৰ পৰা সিমুৰলৈ ঘুৰা সকলেহে ভালকৈ বুজিব পাৰিছে আৰু অসমখন ঘুৰি ফুৰি অনুভৱ কৰাসকলে ভাষাৰ সংকটৰ বিষয়ে সমাজখনক সজাগ কৰিবলৈ বহু চেষ্টা কৰাৰ পিছতো কোনো ফল ধৰা লক্ষ্যত পৰা নাই।

কৰ্মসূত্ৰে অসমৰ প্ৰায় প্ৰতিখন জিলা ভ্ৰমণৰ সুবিধা পাইছোঁ আৰু জনবিন্যাস অনুযায়ী অসমীয়া ভাষাৰ সংকট নিজ চকুৰে দেখিছোঁ।

ধুবুৰীৰ পৰা বৰপেটা জিলাৰ ধমাৰকুৰ অঞ্চললৈকে অপভ্ৰংশিত বাংলা ভাষাৰ প্ৰচলন (বাংলাদেশী ভাষাৰ উচ্চাৰণৰ মিল দেখা যায়) হৈছে। মাজত কোকৰাঝাৰ জিলাৰ অধিকাংশ অঞ্চল বড়ো ভাষা, কিছু অংশ নামনিৰ উচ্চাৰণ সমৃদ্ধ অসমীয়া ভাষা চলে আৰু কিছু অংশ হিন্দী আৰু বাংলা ভাষী লোক বসবাস কৰে। বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ পৰা দক্ষিণ পাৰে ক্ষেত্ৰীলৈ আৰু উত্তৰ পাৰে মঙ্গলদৈ, তামুলপুৰ আদি অঞ্চলত অধিকাংশ বড়ো আৰু অসমীয়া ভাষা ব্যৱহাৰকাৰী লোক পোৱা যায়। উত্তৰ পাৰে ঢেকীয়াজুলী অঞ্চলৰ অধিকাংশ অঞ্চল বাংলাভাষীৰ কবলত। তেজপুৰতো অসমীয়া ভাষীৰ সংখ্যা কমি আহিছে। হিন্দী আৰু বাংলাভাষীৰ সংখ্যা বাঢ়িব ধৰিছে।

সততে আমি উজনিৰ জিলাসমূহ লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আদি জিলা কেইখনৰ জনগাথনি চালে অসমীয়া যেনেই লাগে কিন্তু বজাৰ সমাৰসমূহত লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ আচাৰ ব্যৱহাৰ লক্ষ্যণীয়ভাৱে কম। আদিবাসী ভাষী, বাঙালী, হিন্দী আদি ভাষী লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাতো অসমীয়া ভাষী লোকৰ সংখ্যা কমি আহিছে। তাৰ পৰিবৰ্তে আদিবাসী, বাংলা, হিন্দী ভাষীলোকৰ সংখ্যা বৃদ্ধি পাইছে। কাৰ্বিআংলং, ডিমা হাচাও আদি জিলাত হিন্দী ভাষী আৰু জনজাতীয় ভাষী লোকৰ সংখ্যা বেছি। বৰাক উপত্যকাৰ জিলাকেইখনে কেৱল অসমীয়া ভাষাকেই প্ৰত্যাহ্বান জনোৱা নাই অসমখনকো প্ৰত্যাহ্বান জনাইছে। বৰাকৰ দুই এক ব্যক্তিয়ে “আপনি আচাম থেকে এছেচ্চি নাকি” বুলি সোধা প্ৰশ্নৰো সন্মুখীন হৈছোঁ। অৰ্থাৎ তেওলোকে বৰাকক এখন ৰাজ্য হিচাপে ভাবিবলৈ লৈছেই। অসমীয়া ভাষাৰ তাত চিনচাব নাই।

এনে ছবিয়ে চৰকাৰৰ নেতা মন্ত্ৰীক কিমান চিন্তিত কৰিছে সেয়া নাজানো কিন্তু কেৱল ৰাজনীতি কৰি নিজৰ জীৱিকাক জীয়াই ৰখাটোৱে যদি চৰকাৰৰ মুখ্য অনুভৱ হয় তেন্তে ভাষা ৰক্ষাৰ নামত তেজ আৰু জীৱন দিয়াসকলৰ সমান পৃথিৱীত মূৰ্খ নাইৰ লেখীয়া হ’ব। অসম আমাৰ অসমীয়া ভাষা আমাৰ প্ৰথম পৰিচয় বুলি গৌৰৱ কৰিব পৰা পদক্ষেপ চৰকাৰে লওক। চৰকাৰী – বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ অসমীয়া ভাষা শিক্ষা বাধ্যতামূলক কৰক। অৱশ্যে অসমৰ ভূমিপুত্ৰ সকলে ব্যৱহাৰ কৰি অহা জনজাতীয় ভাষাসমূহো বিলুপ্তিৰ পথত। আধুনিক শিক্ষা ব্যৱস্থাৰ গ্ৰাসত পৰি নগৰীয়া জীৱন যাপন কৰা জনজাতীয় ভাষাও সংকটত পৰিবলৈ আৰম্ভ কৰিছে। মিছনেৰীসকলৰ ধৰ্মীয় প্ৰচাৰৰ উদ্দেশ্যেৰে ইংৰাজী শিক্ষা প্ৰসাৰ কৰা বাবে অতিকৈ ভিতৰুৱা পাহাৰীয়া অঞ্চলসমূহতো ভাষাই বলিদান দিবলগীয়া হৈছে। সেয়েহে অসমীয়া ভাষা ৰক্ষাৰ বাবে চৰকাৰে পৰিকল্পিত ব্যৱস্থা হাতত ল’ব লাগিব। মহাবিদ্যালয়সমূহত বছৰত কমেও দুখন অসমীয়া ভাষা বিষয়ক কৰ্মশালা কৰাটো বাধ্যতামূলক কৰক। অসমীয়া ভাষা ক’ব আৰু লিখিব জনা ব্যক্তিকহে যিকোনো পদবীত সাক্ষাৎকাৰ দিবৰ বাবে অনুমতি দিয়ক। এনে ধৰণৰ কাঢ়া পদক্ষেপে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰিব।

চৰকাৰৰ দৃঢ় পদক্ষেপ অবিহনে আমি নিজৰ মান অক্ষুণ্ণ ৰখাটো সহজ নহ’ব। লেখকসকলে লিখি থাকিব কিন্তু অসমীয়া ভাষা চিনি নোপোৱা ব্যক্তিৰ বৃদ্ধি হ’লে লিখা নতুবা অসমীয়া ভাষা চৰ্চাকাৰীসকলেও এদিন নিৰাশ হৈ নিজৰ কলম স্তব্ধ কৰি দিব। তেতিয়ালৈ হয়তো বহু পলম হৈ যাব। সেয়ে সময় থাকোঁতেই চৰকাৰে দৃঢ় পদক্ষেপ লৈ অসমক নিজৰ সন্মান ৰক্ষা কৰাত সুস্থিৰ ভূমিকা ল’ব লাগে।

Related Articles