“সাংবাদিকতা এতিয়া সেৱা নহয়, ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰাখিছে৷”তেজপুৰত শুকুৰবাৰে এক অন্তৰংগ আলাপত অংশ লৈ এইদৰে মন্তব্য কৰে সাহিত্য একাডেমি বঁটা প্ৰাপক গল্পকাৰ তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷
শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই একোখন ফুলাম গামোচাৰে মনোজ কুমাৰ গোস্বামীক আদৰণি জনোৱাৰ লগতে তেজপুৰ মহাবিদ্যালয়,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন,শোণিতপুৰ প্ৰেছ ক্লাৱে আদৰণি জনায়৷
উল্লেখযোগ্য যে, তেজপুৰ মহাবিদ্যালয়ৰ সভাগৃহত আমাৰ অসম কাকত গোষ্ঠীৰ দ্বাৰা আয়োজিত এই অন্তৰংগ আলাপত গোস্বামীয়ে কয় যে ড° ভৱেন্দ্ৰনাথ শইকীয়া,সৌৰভ চলিহা,নীলমণি ফুকন, নৱকান্ত বৰুৱাকে ধৰি ৰাজ্যৰ ভালেকেগৰাকী সাহিত্যিকৰ ৰচনা দেশৰ সৰ্বোচ্চ স্তৰৰ সাহিত্য৷ বৰ্তমানেও ৰাজ্যত সৃষ্টি হৈ থকা অসমীয়া সাহিত্যৰ মানদণ্ড হিন্দী ভাষাৰ সাহিত্যৰ তুলনাত বহু ওপৰৰ বুলি মন্তব্য কৰি গোস্বামীয়ে লগতে কয় যে, প্ৰকৃততে অসমীয়া মানুহে নিজা সাহিত্যৰ ক্ষেত্ৰত এক হীনমন্যতাত ভোগে৷ বিশিষ্ট গল্পকাৰ জনে আৰু কয় যে বৰ্তমানেও প্ৰায় আঢ়ৈ কোটি লোকে অসমীয়া ভাষা কয়৷হাংগেৰীকে ধৰি একাধিক দেশৰ ভাষাৰ তুলনাত এয়া যথেষ্ট অধিক৷ বিশ্বৰ অধিক প্ৰচলিত ৫০টা ভাষাৰ ভিতৰত স্থানত থকা অসমীয়া ভাষাটো ইমান পৰিমৰা ভাষা নহয় বুলি উল্লেখ কৰে৷
আমাৰ অসম কাকতৰ প্ৰৱন্ধক প্ৰণৱ তালুকদাৰ আৰু কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা,সুলেখিকা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° স্বাধীনতা মহন্ত, পূৰ্ণেশ্বৰ নাথ,ড° ৰমেশ চন্দ্ৰ গোস্বামী,ড° গহণ মহন্ত,ৰমেশ কলিতা,ড° বৰ্ণালী শৰ্মা,নবীন লহকৰ, অনিল কুমাৰ ভট্টাচাৰ্য আদিৰ লগতে তেজপুৰৰ বহুকেগৰাকী বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই অন্তৰংগ আলোচানাত সংবাদ মাধ্যমৰ সাম্প্ৰতিক অৱস্থা আৰু প্ৰত্যাহ্বানৰ বিষয়েও প্ৰশ্ন কৰা হয়৷ সম্প্ৰতি বিশ্বৰ ৩৫০বছৰীয়া কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰাৰ বিষয়েও উল্লেখ কৰি গোস্বামীয়ে লগতে কয় যে কেৱল দেশ আৰু ৰাজ্যতে নহয়,সমগ্ৰ বিশ্বতে বাতৰি কাকতৰ প্ৰচলন হ্ৰাস পাইছে৷
পুৰণা চিন্তাধাৰাৰ সলনি নতুন প্ৰজন্মৰ চিন্তাৰ বিষয়ে জানি এইক্ষেত্ৰত যথেষ্ট সালসলনিৰ প্ৰয়োজন থকাৰ বিষয়ে উল্লেখ কৰি গোস্বামীয়ে কয় যে দেশ তথা ৰাজ্যৰ বৈদ্যুতিন মাধ্যমো টিআৰপিৰ পিছত দৌৰিবলৈ বাধ্য৷
ইয়াৰ বিপৰীতে সামাজিক মাধ্যমো সম্পূৰ্ণৰূপে কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিকল্পিত ভাবে ইয়াত ভালক বেয়া আৰু বেয়াক ভাল বুলি প্ৰতিপন্ন কৰিব পাৰি৷সাংবাদিক পংকজ বৰুৱা আৰু পুলক কুমাৰ ডেকাই আতধৰা অনুষ্ঠানত গোস্বামীয়ে কয় যে,এখন বাতৰি কাকতৰ বিক্ৰী মূল্য ব্যয়ৰ তুলনাত কম বুলি প্ৰকাশ কৰি তেওঁ উল্লেখ কৰি আৰু কয় যে,বহু সময়ত জঘন্য হত্যা,আত্মহত্যা,বলাৎকাৰ আদি বাতৰি কিছু সংখ্যক পাঠকে প্ৰকাশ কৰাটো নিবিচাৰে যদিও আন একাংশ পাঠকে আকৌ তেনে বাতৰি প্ৰকাশ নকৰিলেও প্ৰশ্ন কৰে বুলি দোহাৰি তেওঁ কয় যে,এনে অৱস্থাত এনে বাতৰি প্ৰকাশৰ ক্ষেত্ৰতো দোদুল্যমান পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হয়৷
এনে বাতৰিত ভাষাৰ ক্ষেত্ৰত সতৰ্কতা হোৱাৰ আৱশ্যক বুলি তেওঁ দোহাৰি লগতে কয় যে নিউজ প্ৰিন্টৰ মূল্য বৃদ্ধি,আনুসাংগিক ব্যয় বৃদ্ধিৰ বাবে সংবাদগোষ্ঠী একোটাই বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ মফচলীয় অঞ্চলত একোজন সংবাদকৰ্মী বহু ৰাজনীতিকৰ ঔদ্ধত্যৰ সন্মুখীন হ’বলগীয়া হয় বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ আৰু কয় যে,অগ্নিবৰ্ষা লেখনিৰে সমাজৰ পৰিৱৰ্তন নাহে যদিহে সৰ্বসাধাৰণে এই ক্ষেত্ৰত ওলাই নাহে৷ তেওঁ পাম অইলৰ খেতিৰ বিষয়টোত ৰাজ্যৰ কোনো সংগঠনে সৱল প্ৰতিবাদ নকৰাৰ উদাহৰণ দাঙি ধৰি কয় যে,বৰ্তমানৰ চৰকাৰ মানুহক গাইগুটীয়া চিন্তাত সীমাবদ্ধ কৰি ৰখাতেই আটাইতকৈ সফল হৈছে৷ পাম অইলৰ খেতি যদি ইমানেই প্ৰয়োজনীয় আছিল তেনেহ’লে ৰাজ্যৰ নিবনুৱাসকলক একোটা গোট কৰি এই খেতি কৰিবলৈ নিদি ৰামদেৱক
সকলো গতাই দিয়াৰ বিৰোধী বুলিও তেওঁ উল্লেখ কৰি কয় যে বৰ্তমান অমৃত কলহ যাত্ৰাৰ পৰা কি লাভ হ’ব সেয়া কোনেও নাজানে আৰু যিসকল মহিলাই এই যাত্ৰা কৰিছে তেওঁলোকেও এয়া নাজানে বুলি কয় গোস্বামীয়ে৷
আনহাতে,বৰ্তমান নৱপ্ৰজন্মৰ পাঠকে গল্পত নতুন পৰীক্ষা নিৰীক্ষা বিচাৰে বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰি তেওঁ আৰু কয় যে,এতিয়া সংঘটিত বহু ঘটনা আৰু বাতৰি একোটা গল্পৰ দৰেই৷ বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লগতে সামাজিক মাধ্যমৰ বাহিৰেও অসমীয়া তথা আন ভাষাৰ কিতাপ পঢ়িবলৈ তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়৷ উল্লেখযোগ্য যে,গোস্বামীৰ লগতে কাৰ্যবাহী সম্পাদক শৰ্মা, প্ৰৱন্ধক তালুকদাৰক শোণিতপুৰ জিলা ছাত্ৰ সন্থায়ো একোখন গামোছাৰে সন্মান জনায়৷ এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সধাৰণ সম্পাদক আদিত্য ৰাণা কাশ্যপ,ধৃতাশ্ৰী ডেকা,মনালিছা শইকীয়াই বিশেষ ভাৱে সহযোগীতা আগবঢ়ায়।