Breaking

অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…

0 187

দেশৰ কৃষিখণ্ডত খেতিয়ক সকলৰ উদ্দেশ্য অত্যাধুনিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন এপ প্ৰস্তুত কৰি উলিয়াইছে হাজোৰ যুৱক তথা বৰপেটা জিলাত কৰ্মৰত শিক্ষক প্ৰসেনজিৎ শৰ্মাই। বৰ্তমান গুগল প্লে ষ্টৰত বীটা টেস্টিং ম’ডত উপলব্ধ এই এপটোৱে কৃষক সকলক অত্যাধুনিক কৃষিকাৰ্য্যৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে। কৃষকসকলে এই এপটোৰ জৰিয়তে কৃষিকৰ্ম সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ লভাৰ লগতে আধুনিক কৃষি প্ৰযুক্তি, কীটনাশক নিয়ন্ত্ৰণ, জৈৱিক কৃষি, মাটিৰ গুণাগুণ, সাৰ প্ৰয়োগ, জলসিঞ্চন আদি বিভিন্ন বিষয় সম্পৰ্কে বিশদভাৱে জানিবলৈ সক্ষম হব। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৃষিক্ষেত্ৰৰ যিকোনো সমস্যাৰ সমাধান দিব পৰা এই এপটো ভাৰতৰ ১২ টা ৰাজ্যিক তথা আঞ্চলিক ভাষাত উপলব্ধ কৰা হৈছে যাৰ ফলত কৃষক সকলে নিজ ভাষাতে প্ৰশ্ন সমূহৰ উত্তৰ আৰু বিৱৰণসমূহ লাভ কৰিব পাৰিব।

ইংৰাজী আৰু অসমীয়া ভাষাৰ লগতে এই এপটো হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, পাঞ্জাৱী, উৰ্দু, তামিল, তেলেগু, মালয়ালম আৰু কন্নড় ভাষাতো উপলব্ধ। এইদৰে বিভিন্ন ৰাজ্যৰ কৃষকসকলেও এপটোৰ সহায় লৈ কৃষিক্ষেত্ৰত শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত উপকৃত হব পাৰিব। শৰ্মাৰ এনে পদক্ষেপে নিঃসন্দেহে দেশৰ কৃষিখণ্ডত এক যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতেও প্ৰসেনজিৎ শৰ্মাই ৩ টা কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন শৈক্ষিক এপ উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা লাভ কৰিছিল।

শিক্ষাখণ্ডত বৰ্তমানেও ব্যৱহাৰ হৈ থকা লেচন প্লেন ক্ৰিয়েটৰ, এ আই টিচাৰ আৰু এ আই প্ৰুফৰিডিঙ এচিষ্টেণ্ট নামৰ শৰ্মাৰ তিনিওটা এপ অসম চৰকাৰৰ মূখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ দ্বাৰাও ভূয়সী প্ৰশংসা লাভ কৰিছে। লগতে শৰ্মাই নতুনকৈ লেচন প্লেন ক্ৰিয়েটৰ নামৰ শিক্ষকৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব পৰা এপটোক অসমীয়া ভাষাত নিৰ্মাণ কৰি গুগল প্লে ষ্টৰত উপলব্ধ কৰিছে। যাৰ ফলত অসমৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অসমীয়া ভাষাতে পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শিকণ-শিক্ষণ প্ৰক্ৰিয়াটোক আৰু বেছি ফলপ্ৰসূ,বিজ্ঞানসন্মত আৰু আনন্দদায়ক কৰি তুলিব পাৰিব। শৰ্মাৰ এই সফলতাৰ বাবে শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচন আৰু কামৰূপ জিলা সাংবাদিক সন্থাই অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.