Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গীতিকাৰ ৰণদ্বীপ বড়াৰ অসমীয়া গীত…

0 596

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গীতিকাৰ ৰণদ্বীপ বড়াৰ অসমীয়া গীত। যোৱা ২৮ মাৰ্চৰ পৰা ১ এপ্রিললৈকে লুধিয়ানাস্থিত পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে কেইবাটাও পুৰস্কাৰেৰে উজ্বলি উঠে। তাৰ ভিতৰত সমবেত সংগীতৰ দলটোৱে প্রতিযোগিতাখনিত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই গীতটোৰ গীতিকাৰ হ’ল- লক্ষীমপুৰ আজাদস্থিত এল.টি.কে. মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ৰণদ্বীপ বড়া।

গীতটোৰ সুৰ উদীয়মান সুৰকাৰ, কণ্ঠশিল্পী বিদ্যুৎ জ্যোতি মহনৰ। উল্লেখ্য যে, এই গীতটোরে অলপতে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ (নর্থ-ইষ্ট জ’ন) তো তৃতীয় স্থান লাভ কৰি ৰাষ্ট্ৰীয় প্রতিযোগিতাখনিৰ বাবে যোগ্যতা অর্জন কৰিছিল। সম্প্ৰতি অসমীয়া সংগীতৰ ক্ষেত্ৰখনত অতি সচেতন আৰু মননশীলভাৱে গীত চৰ্চা কৰা বড়াৰ ৰচিত ‘আকাশ’, ‘পৰাণমুখৰ আবেলি’, ‘নিস্তব্ধ উশাহ’, ‘সুণীয়া’, ‘ইতিবাচক’, ‘মোৰ গান’, ‘মায়াবী ৰাতি’ আদি গীতসমূহে শ্রোতা-দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এইবাৰ বড়াৰ গীতে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্মান বুটলিবলৈ সক্ষম হোৱাত সকলোৱে সন্তুষ্টি প্রকাশ কৰিছে। তদুপৰি এই খবৰে মহাবিদ্যালয়খনৰ লগতে জিলাখনলৈয়ো গৌৰৱ কঢ়িয়াই আনিছে। কাৰণ এই প্রতিযোগিতাত ভাৰতৰ ১১৮ খন বিশ্ববিদ্যালয়ে অংশগ্রহণ কৰিছিল।

Leave A Reply

Your email address will not be published.