Breaking

অসমৰ প্ৰথম গৰাকী মহিলা চেইলৰ নিশামণিক জন্মভূমি সৰুপথাৰত উষ্ম আদৰণি…

38

ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলৰ কাইট বৰ্ডিং প্ৰতিযোগিতাত সোণৰ পদক জয় কৰা নিশামণিক জন্মস্থান সৰুপথাৰত উষ্ম আদৰণি জনাই।

তামিলনাডুত অনুষ্ঠিত সৰ্বভাৰতীয় কাইট বৰ্ডিং চেম্পিয়নশ্বীপ ২০২৪ত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে চেইলৰ প্ৰতিযোগিতাৰ মহিলা শাখাত একেৰাহে বহুকেইটা পদক জয় কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ধনশিৰিৰ সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ কন্যা নিশামনি আজি স্বগৃহলৈ উভতি আহে।


নিশামণি অহাৰ খবৰ পাই নিশামণিৰ পৰিয়ালৰ লোকৰ লগতে ধনশিৰি মহকুমা গাঁৱবুঢ়া সন্থা, সৰুপথাৰ অঞ্চলৰ বিভিন্ন ৰাইজ আৰু দল, সংগঠনৰ লোক সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয়। গুৱাহাটিৰ পৰা ৰেল যোগে নিশামণিয়ে আহি সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰাইজ আৰু দল, সংগঠনৰ লোকসকলে নিশামণিক ফুলাম গামোচা, ফুলৰ থুপাৰে শুভেচ্ছা জনাই।

সম্পূৰ্ণ ৯০টা দিনৰ পিছত সৰুপথাৰত উপস্থিত হৈ আৱেগিক হৈ পৰে চেইলৰ গৰাকী। তেওঁ ৰাইজৰ মৰম আৰু সহযোগিতাক শলাগ জনাই আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Comments are closed.