Breaking

অসমৰ বান, গৰাখহনীয়া সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ সমাধান কৰিবই লাগিবঃ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

0 18

অসমৰ বান গৰাখহনীয়া সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ সমাধান কৰিবই লাগিব”– ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ছৈখোৱাত ব্ৰক্ষ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থা সজাতি দল৷ সকলো ঠিকাদাৰ, অভিযন্তাৰ টকা ঘটাৰ উৎস হৈ পৰিছে এই ছৈখোৱাৰ সুৰক্ষা বান্ধ, ৰাইজে মিলি জনপ্ৰতিনিধিক এসেকা দিব লাগিবঃ আছুৰ সভাপতি।

২৭ বছৰে চৰকাৰে বান গৰাখহনীয়া প্ৰতিৰোধৰ নামত কেৱল মাত্ৰ জনপ্ৰতিনিধি আৰু বিষয়া ঠিকাদাৰকহে ধন লুণ্ঠনৰ বাবে ব্যৱস্থা কৰাৰ বিপৰীতে নৈ পৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা তিল মানো চিন্তা নকৰিলে, ছৈখোৱাৰ এই বান গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে প্ৰতিবছৰে তিনিচুকীয়াৰ অধ্যাপক উপাধিৰ এজন বিশেষ ঠিকাদাৰক ঠিকা আৱন্তন দি লুণ্ঠন তথা কমিচনৰ বজাৰ খুলিছেঃ আছুৰ সম্পাদক৷

“বছৰ বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হৈ থকা বান গৰাখহনীয়াই অসম অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰিছে। অসমৰ বান গৰাখহনীয়া সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ সমাধান কৰিবই লাগিব। চৰকাৰে তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ হাতীঘূলী মথাউৰি তাৎক্ষণিক পদক্ষেপৰে ৰক্ষা কৰি ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক।”-এই বক্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডা° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দলে তিনিচুকীয়া জিলাৰ ছৈখোৱাত মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰে হোৱা সাক্ষাৎত এই মন্তব্য কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ছৈখোৱাৰ ফেলাইত আছুৰ সজাতি দলটো উপস্থিত হৈ মহাবাহু ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মতবিনিমন কৰি চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নৈ পৰিয়া ৰাইজৰো মতামত গ্ৰহণ কৰা উচিত বুলি ড° সমুজ্জ্বল ভট্টাচাৰ্যই উল্লেখ কৰে। চৰকাৰে খৰালীত খহনীয়া প্ৰতিৰোধৰ কাম নকৰি বাৰিষাৰ সময়তহে এই খহনীয়া প্ৰতিৰোধৰ বাবে ৰৈ থকাৰ বাবেই আজি ছৈখোৱাত মহাবাহুৰ খহনীয়াই ভয়াবহ ৰূপ লৈছে বুলি উল্লেখ কৰি সময়ত থাকোতেই চৰকাৰ তথা জলসম্পদ বিভাগে এই মথাউৰি ৰক্ষাৰ সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি আজি এই খহনীয়াস্থিলিৰ পৰাই ড° সমুজ্জ্বল ভট্টাচাৰ্যই চৰকাৰক দাবী জনাই। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰশ্ৰতা দিবাং নৈৰ বোৱতী পানীয়ে ছৈখোৱাত হেচা মাৰাৰ ফলতেই যে আজি ছৈখোৱাবাসীৰ লগতে সমিপৱৰ্তী প্ৰায় ৪০ খন গাওঁ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিপদাপন্ন হৈছে এই বিষয়েও নেতাগৰাকীক আজি স্থানীয় ৰাইজে জানিবলৈ দিয়াত এই সন্দৰ্ভতো চৰকাৰে অতি শিঘ্ৰেই বিশেষজ্ঞ মহলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি দিবাং নৈৰ গতি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে।

আনহাতে আজি আছুৰ এই সজাতি দলটোত অহা সংগঠনটোৰ সভাপতি উৎপল শৰ্মাও ছৈখোৱাৰ এই ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰি উদিগ্নতা প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ বগত ২৭ বছৰীয়া লুণ্ঠনৰ এইয়া চৰম পৰিণতি বুলি উল্লেখ কৰে । লগতে  সকলো ঠিকাদাৰ, অভিযন্তাৰ টকা ঘটাৰ উৎস হৈ পৰিছে এই ছৈখোৱাৰ সুৰক্ষা বান্ধ, ৰাইজে মিলি জনপ্ৰতিনিধিক এসেকা দিব লাগিব খৰালীত শুই বহি থকা ৰাজ্যৰ ব্যাগোম জলসম্পদ বিভাগতে প্ৰতিবছৰে বাৰিষা কালতহে খহনীয়া প্ৰতিৰোধ কামত ব্ৰতি হোৱাৰ আৰৰ ৰহস্য কি বুলিও চৰকাৰক প্ৰশ্ন উত্থাপন কৰে । ইফালে খহনীয়া স্থলিত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও উপস্থিত থাকি ভয়াবহ গৰাখহনীয়া অৱস্থাৰ পৰিস্থিতি বুজ লৈ বিগত ২৭ বছৰে চৰকাৰে বান গৰাখহনীয়া প্ৰতিৰোধৰ নামত কেৱল মাত্ৰ জনপ্ৰতিনিধি আৰু বিষয়া ঠিকাদাৰকহে ধন লুণ্ঠনৰ বাবে ব্যৱস্থা কৰাৰ বিপৰীতে নৈ পৰিয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কথা তিল মানো চিন্তা নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে । ছৈখোৱাৰ এই বান গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে প্ৰতিবছৰে তিনিচুকীয়াৰ অধ্যাপক উপাধিৰ এজন বিশেষ ঠিকাদাৰক ঠিকা আৱন্তন দি লুণ্ঠন তথা কমিচনৰ বজাৰ খোলাৰ বাহিৰে গৰাখহনীয়া প্ৰতিৰোৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ ফলতেই আজি ছৈখোৱাৰ হাতীঘূলী মথাউৰি শংকটত পৰিব লগীয়া হৈছে বুলিও এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে । বিগত বৰ্ষত দিবাং নৈৰ সুতি সলনিৰ নামত আৱন্তিত ১৩ কোটি ৫০ লাখ টকাৰ ঠিকাদাৰৰ বিভাগীয় বিষয়া আৰু জনপ্ৰতিনিধিয়ে ভগাই খোৱাৰ ফলতেই আজি ছৈখোৱাৰ বাসীয়ে অস্তিত্বৰ শংকটত ভূগিব লগীয়াত পৰিছে বুলি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উল্লেখ কৰি এই সকলো কামৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব কৰিব লাগে বুলিও আজি সংবাদ মধ্যমৰ আগত ক্ষোভেৰে মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে ।

Leave A Reply