Breaking

Assam’s Online Trading Scam: মুখ্যমন্ত্ৰীৰ আহ্বান অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক যেতিয়ালৈকে আৰক্ষীয়ে ধৰিব নোৱাৰে তেতিয়ালৈকে বাতৰি পৰিবেশন কৰি থাকক

15

ৰাজ্যত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জোকাৰণি এতিয়াও মাৰ যোৱা নাই। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল হোতা বুলি সন্দেহ কৰা অভিনেত্ৰী চুমি বৰা এতিয়াও স্বামীৰ সৈতে পলাতক হৈয়েই আছে। আৰক্ষীয়েও চুমি বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰাক ধৰিবলৈ ৰাজ্যৰ সীমা পাৰ হৈয়ো অনুসন্ধান চলাইছে (Assam’s Online Trading Scam)।

ৰাজ্যত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জোকাৰণি এতিয়াও মাৰ যোৱা নাই। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল হোতা বুলি সন্দেহ কৰা অভিনেত্ৰী চুমি বৰা এতিয়াও স্বামীৰ সৈতে পলাতক হৈয়েই আছে। আৰক্ষীয়েও চুমি বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰাক ধৰিবলৈ ৰাজ্যৰ সীমা পাৰ হৈয়ো অনুসন্ধান চলাইছে (Assam’s Online Trading Scam)। দেওবাৰে নিশাও পলাতক চুমি বৰাক (sumi borah ) আটক কৰিবলৈ অসম আৰক্ষীয়ে মেঘালয়ত এক ব্যাপক তালাচী আৰম্ভ কৰা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা চেৰাপুঞ্জীকে ধৰি মেঘালয়ৰ বিভিন্ন স্থানত আৰক্ষী-প্ৰশাসনে তালাচী অভিযান চলায়। এই অভিযান মেঘালয় আৰক্ষী, গুৱাহাটী আৰক্ষী, ডিব্ৰুগড় আৰক্ষীয়ে সমন্বিত প্ৰচেষ্টাৰে চলোৱা বুলি জানিব পৰা গৈছে।

চুমিৰ শেহতীয়া ফোনৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হয়, কাৰণ ফোনৰ অৱস্থানে চেৰাপুঞ্জীত তেওঁৰ উপস্থিতিৰ ইংগিত দিছিল।কিন্তু অভিযান ব্যৰ্থ হয় আৰু সোমবাৰে পুৱাৰ ভাগত আৰক্ষীৰ দলে মেঘালয়ৰ পৰা উভতি আহিবলগীয়া হয় । প্ৰত্যাশিত জামিন লাভ নকৰালৈকে চুমি বৰাই আত্মগোপন কৰিয়েই থাকিব বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য নূনমাটি আৰক্ষীয়ে ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পাথৰ কুৱেৰীত থকা আইডল হিল ভিউ এপাৰ্টমেণ্টতো অভিযান চলাই এই যুটিটোক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল। এনেদৰে চুমি বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সমৰ্থ নোহোৱাৰ সময়তে মুখ্যমন্দ্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সংবাদমাধ্যক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয়- অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱাৰা লৈকে সংবাদমাধ্যমে নিউজ কৰি থাকক, আৰক্ষীক হেঁচা দিয়ক যাতে আৰক্ষীয়ে শীঘ্ৰেই তেওঁলোকক ধৰিব পাৰে। তেওঁ লগতে কয় যে এই বিষয়ত প্ৰতিদিনে নতুন খবৰ নোলাব পাৰে . কিন্তু আৰক্ষীয়েই যেতিয়াই তেওঁলোকক ধৰিব তেতিয়াই সংবাদমাধ্যমক খবৰ দিব। উল্লেখ্য ডিজিপি জিপি সিঙে (Dgp gp singh )অনলাইন ট্ৰেডিঙৰ বিষয়ত সংবাদমাধ্যমে পৰিবেশ কৰি থকা সংবাদ সন্দৰ্ভত মন্তব্য কৰি সৌ সিদিনা কৈছিল যে বাতৰিৰ ওপৰত ভিত্তি কৰি নহয়,অপৰাধীৰ বিষয়ে টেকনিকেল প্ৰমাণ পালেহে তেওঁলোকক দোষী বুলি ক’ব পৰা যাব। এইক্ষেত্ৰত অনুমাণ ভিত্তিক বাতৰি পৰিবেশন নকৰিবলৈয়ো জিপি সিঙে আওপাকে আহ্বান জনাইছিল।

লগতে পঢ়ক : Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং…

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সংবাদমাধ্যমক অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱাৰা লৈকে সংবাদমাধ্যমে নিউজ কৰি থাকক, আৰক্ষীক হেঁচা দিয়ক বুলি জনোৱা আহ্বানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিত সদস্য ভৰ্তিৰ প্ৰসংগতো মন্তব্য কৰে। তেওঁ কয়- সদস্য ভৰ্তি অভিযান ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল । তেওঁ কয় ২৫ ছেপ্টেম্বৰ লৈকে চলিব এই সদস্য ভৰ্তি অভিযান ।অসমত অভিলেখ গঢ়িব সদস্য ভৰ্তি অভিযানে।সদস্যভৰ্তিত দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমো এখন বুলি তেওঁ কয়। অৰ্ণমাই বৰা হত্যাৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে- গুৱাহাটী উচ্চ ন্যায়ালয়ত(Gauhati High Court) মূল অভিযুক্তৰ শাস্তি লাঘৱ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- সকলো প্ৰস্তুতি সম্পন্ন হৈছে । অচিৰেই উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাব চৰকাৰ।আনহাতে অৰ্ণমাই বৰাৰ পৰিয়ালৰ নিৰাপত্তা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়- আজিৰ তাৰিখত কোনেও এই দুঃসাহস কৰিব নোৱাৰে, নিশ্চিন্ত থাকক।

Published by: Jebin Sultana

Comments are closed.