Breaking

Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’

39

সংস্কৃতিৰ বৰঘৰ দৰঙৰ ঐতিহাসিক ওজাপালি, নাঙেলী গীত, ছিয়াগীত খুলীয়া ভাওনা, দেওধনী নৃত্য আদিয়ে দৰং জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আজিও।(Assam’s pride, heritage site ‘Khatra Satra’)

অসমৰ এখন ঐতিহ্যমণ্ডিত জিলা হ’ল দৰং জিলা। সংস্কৃতিৰ বৰঘৰ দৰঙৰ ঐতিহাসিক ওজাপালি, নাঙেলী গীত, ছিয়াগীত খুলীয়া ভাওনা, দেওধনী নৃত্য আদিয়ে দৰং জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আজিও। এনেবোৰ গৌৰৱময় সংস্কৃতিৰ ঊৰ্ধবত আন এক দৰং গৌৰৱ, যিয়ে সমগ্ৰ দৰং তথা সমগ্ৰ অসমকে ধৰ্মীয় আৰু সাহিত্য-সংস্কৃতিৰে বান্ধি ৰাখিছে সেয়াই হৈছে ঐতিহাসিক ‘খটৰা’ সত্ৰ’। Assam’s pride, heritage site ‘Khatra Satra’

দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন গ্ৰাম্যপ্ৰধান ঠাই। যিখন এটা সময়ত আছিল হাবি-জংঘলেৰে পূৰ্ণ ঠাই। য’ত বাস কৰিছিল কিছুমান অসুৰ প্ৰকৃতিৰ লোক অৰ্থাৎ যিসকলক কোৱা হৈছিল ‘খট’। সেই ঠাইখনেই হৈছে আজিৰ ‘খটৰা’। মঙলদৈ চহৰৰ পৰা প্ৰায় কুৰি কিলোমিটাৰ পশ্চিমে তথা দৰং জিলাৰ একেবাৰে পশ্চিম সীমাৰ দিপীলা মৌজাত অৱস্থিত ঠাই এই পৱিত্ৰ খটৰা। আৰু ইয়াতেই অৱস্থিত ঐতিহাসিক ‘খটৰা সত্ৰ’। যিখন সমগ্ৰ অসমৰে এখন উল্লেখযোগ্য তথা প্ৰধান সত্ৰ।

আজিও এই সত্ৰত প্ৰৱাহিত হৈ থকা হৰিনামৰ ধ্বনিৰে আন এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। প্ৰতিদিনে এই সত্ৰলৈ সোঁত বয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ। এই সত্ৰত নাই কোনো জাতি ভেদ, ধৰ্ম-সম্ৰদায়ৰ ভেদ ভাব। সকলো লোকেই খটৰা সত্ৰলৈ একান্ত চিত্তে আহিব পাৰে ভক্তি অৰ্ঘ লৈ। খটৰা সত্ৰলৈ আহি যিজনে ভক্তিসহকাৰে সেৱা-নৈবেদ্য অপৰ্ণ কৰি যি আশা পূৰণৰ ইচ্ছা প্ৰকাশ কৰে সেইগৰাকী ভক্তৰ আশা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আজিও অটুট আছে। সেয়ে হয়তো আজিও গায়—– ‘ৰাম কৃষ্ণ খটৰা গোসাঁইঘৰ/ ৰাম কৃষ্ণ দেখোতে ভয়ংকৰ/ হৰি মোৰ ঐ ছকুৰি নাহৰৰ খুঁটা/ ৰাম কৃষ্ণ দুফালে লিখিলে/ ৰাম কৃষ্ণ ৰামে-লক্ষ্মণে/ হৰি মোৰ ঐ মাজতে জানকী সীতা/ ৰাম কৃষ্ণ বাটচ’ৰাৰ মুখতে/ ৰাম কৃষ্ণ যুৰীয়া সিংহই/ হৰি মোৰ ঐ আছে নাম-গুণ গাই/ ৰাম কৃষ্ণ মণিকূটৰ ওপৰে/ ৰাম কৃষ্ণ সোণৰে কলচী/ হৰি মোৰ ঐ তাৰো যে তুলনা নাই।’


শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰীশ্ৰীমাধৱদেৱ। তেওঁ বৰপেটাত থকা অৱস্থাত এই মাধৱদেৱৰে প্ৰপন্ন শিষ্য লেচাকণীয়া গোবিন্দ আতৈক উত্তৰ অসমলৈ ধৰ্ম প্ৰচাৰ আৰু সত্ৰ প্ৰতিষ্ঠাৰ বাবে আজ্ঞা কৰিছিল। এইগৰাকী লেচাকণীয়া গোবিন্দ আতৈ আছিল মাধৱ গুৰুৰ ১২গৰাকী প্ৰধান শিষ্যৰ ভিতৰৰ এজন আছিল। তেতিয়া গোবিন্দ আতৈয়ে গুৰুৰ আজ্ঞা শিৰত লৈ ধৰ্ম প্ৰচাৰৰ বাবে ওলাল দৰঙলৈ তেওঁৰ লগত আৰু কেইগৰাকীমান ভকতক লৈ। তেওঁ পোনতে ভুলুংমুখ নামত ঠাইত সত্ৰ স্থাপন কৰি পিছত পানীশেলী আৰু নগৰা নামৰ ঠাইলৈ গৈ সত্ৰ স্থাপন কৰিবলৈ বিচাৰিলে যদিও তেওঁ তাত সফল নহৈ তেওঁ আন সুবিধাজনক ঠাইৰ অনুসন্ধাত যাত্ৰা কৰিলে। এইদৰে তেওঁ আহি উপস্থিত হ’ল আজি সকলোৰে পৰিচিত দৰং জিলাৰ বৰ্তমানৰ এখন উল্লেখযোগ্য তথা পৱিত্ৰ স্থান খটৰাত। তেতিয়া এই ঠাইখনৰ নাম খটৰা নাছিল।

ঠাইখনত উপস্থিত গোবিন্দ আতৈয়ে ঠাইখন খুব ভাল পালে আৰু তাৰ পৰিৱেশেও তেওঁক মোহিত কৰিলে। সেয়ে সেই ঠাইত তেওঁ সত্ৰ পাতিবলৈ মনস্থ কৰিবলৈ মন মেলিলে। সেয়া আছিল ১৫৬৮ খ্ৰীষ্টাব্দ। এদিন গোবিন্দ আতৈয়ে সেই ঠাইত এক অদ্ভুত দৃশ্য দেখিবলৈ পালে। তেওঁ দেখিলে যে এটা ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ গিলি আছে। তাকে দেখি আতৈয়ে ঠাইখন পুণ্য স্থান বুলি বিবেচনা কৰি উক্ত ঠাই খণ্ডতে চাকিগছি জ্বলাবলৈ মন স্থিৰ কৰিলে। আৰু তাতেই গোবিন্দ আতৈয়ে তাত ভেটি সাজি কীৰ্তন ঘৰ নিৰ্মাণ কৰিলে। তাকে দেখি সেই অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰা খট নামৰ জাতিটোৰ ৰোষত পৰিল গোবিন্দ আতৈ। নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা প্ৰদান কৰিলে সেই ‘খট’সকলে। তেতিয়া আতৈয়ে সেই খটসকলকো শৰণ-ভজন লৈ নাম-কীৰ্তন কৰিবলে আহ্বান জনালে। কিন্তু সেই দুষ্ট প্ৰকৃতিৰ লোকসকলে আতৈৰ কথা কোনোমতে মান্তি নহ’ল আৰু নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা দিলে। আতৈৰ মনত বৰ দুখ লাগিল। তথাপি আতৈয়ে আশা এৰি নিদিলে।

মন দৃহ কৰি আতৈ মাধৱদেৱৰ ওচৰলৈ গৈ সকলোবোৰ বিবৰি ক’লে। তেতিয়া গুৰুজনাই আতৈক এটা উপায় দিলে। গুৰুজনাই গোবিন্দ আতৈক অযোধ্যাৰ পৰা ৰামলীলা ভাওনা কৰিবলৈ অনা ৰাম, লক্ষ্মণ, সীতাদেৱী আৰু হনুমানৰ মূৰ্তি চাৰিটা দি ক’লে যে, এই চাৰি মূৰ্তি লৈ যোৱা আৰু সত্ৰত স্থাপন কৰিবা। তেতিয়া গোবিন্দ আতৈ অতি আনন্দিত হ’ল আৰু চাৰি মূৰ্তি আনি তাল-খোল বজাই নাম-কীৰ্তন কৰি সত্ৰৰ মণিকূটত প্ৰতিষ্ঠা কৰিলে। আৰু নিয়মীয়াকৈ আতৈয়ে তাত নাম-কীৰ্তন কৰিবলৈ ধৰিলে। ইয়াৰ লগে লগে এই অঞ্চলটোলৈ অজ্ঞান আন্ধাৰ বিনাসী জ্ঞান সুৰুজে ভুমুকি মাৰিবলৈ আৰম্ভ কৰিলে।

গোবিন্দ আতৈয়ে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমান এই চাৰি মূৰ্তি প্ৰতিষ্ঠা কৰি গীত-নৃত্য, নাম-কীৰ্তন কৰাত তাত বাস কৰা ‘খট’সকলে সাক্ষাৎ ভগৱানকে দেখা যেন অনুভৱ কৰিলে আৰু তিৰ পিছতে সেইসকলৰ মনৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। যেন শিল গলিবলৈ আৰম্ভ কৰিলে। ‘খট’সকলে ক্ৰমে আতৈৰ আৰু ভকতসকলৰ নাম-কীৰ্তনৰ প্ৰতি আকৰ্ষিত হ’ল। ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ সাক্ষাৎ লাভ কৰা বুলিও ভাবিলে আৰু তেওঁলোকৰ কঠোৰ মন কুমলিল। ইয়াৰ পিছতে খটসকলে তেওঁলোকৰ ভুল বুজিব পাৰিলে আৰু গোবিন্দ আতৈৰ ওচৰত শৰণ ল’লে আৰু মণিকূটত স্থাপন কৰা চাৰিজনা বিগ্ৰহৰ ওচৰত সাস্তাংগে প্ৰণিপাত জনাই তেওঁলোকৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ক্ষমা-প্ৰাৰ্থনা মাগিলে। ইফালে আতৈক এই কথাই অতি আনন্দিত কৰি তুলিলে আৰু তেওঁ চেষ্টা আৰু কষ্ট সফল হোৱাত আনন্দত আত্মহাৰা হ’ল। আনন্দাশ্ৰু বৈ আহিল তেওঁৰ সফলতাত।

তেওঁ খটসকলক আশীৰ্বাদ দিলে। এই ‘খট’সকলৰ অবৈষ্ণৱ স্বভাৱ নাম-কীৰ্তনৰ প্ৰভাৱত ‘হৰণ’ কৰাৰ বাবেই ঠাইখনৰ নাম ‘খটহৰা’ (‘খট-হৰা’) ৰূপে পৰিচিত হ’ল। আৰু ক্ৰমান্বয়ে কালৰ সোঁতত গৈ গৈ ‘খটহৰা’ গুচি ‘খটৰা’ হ’ল। বৰ্তমানো ঠাইখন ‘খটৰা’ বুলিয়েই চিহ্নিত হ’ল। লগতে সত্ৰখনৰো নাম ‘খটৰা সত্ৰ’ বুলিয়েই পৰিচিত হ’ল। তেতিয়াৰে পৰা আজিও এই চাৰি বিগ্ৰহ সত্ৰৰ মণিকূটত বিৰাজমান হৈ আছে। অৱশ্যে মণিকূটৰ বাহিৰত গুৰু আসন প্ৰতিষ্ঠা কৰি আজিও সকলোৱে হৰি নাম-কীৰ্তন কৰি আহিছে। বৰ্তমানো এই সত্ৰত বৈষ্ণৱ, শাক্ত, শূদ্ৰ, বৈশ্য সকলোৱে সমান অধিকাৰেৰে সেৱা-বন্তি জ্বলাই আহিছে। ইয়াত কোনো লোকৰে প্ৰৱেশত বাধা নাই। সকলো সম্প্ৰদায় মিলি এই সত্ৰখনক এক সমন্বয়ৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিছে। গোবিন্দ আতৈয়ে আজিৰ পৰা ৫০০ বছৰ আগতে যি গছি ধৰ্মৰ বন্তি জ্বলাই থৈ গৈছিল সেই বন্তিৰ পোহৰে আজিও সমগ্ৰ অসম পোহৰাই ৰাখিছে। এই অঞ্চলত সেই তেতিয়াৰ পৰাই লোকসকলৰ জ্ঞান চকু মেল খাইছিল গুৰুজনাৰ নাম-কীৰ্তন, নাট-ভাওনাৰ জৰিয়ত।
এই খটৰা সত্ৰৰ আন এক গুৰুত্বপূৰ্ণ তথা মূল কথা হ’ল এই সত্ৰত নাই ‘সত্ৰাধিকাৰ’ৰ কোনো ব্যৱস্থা। অসমৰ সত্ৰাধিকাৰৰ ব্যৱস্থা নথকা একমাত্ৰ সত্ৰখনেই হ’ল খটৰা সত্ৰ। এই সত্ৰখন পৰিচালিত হয় ‘সমূহ’ৰ দ্বাৰা। গোবিন্দ আতৈয়ে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ বাবে স্থানীয় লোকসকলক অধিক গুৰুত্ব দি সত্ৰৰ সকলো কামত আগবঢ়াই নিছিল। সেয়ে সত্ৰখন সকলোৱে নিজৰ বুলি গ্ৰহণ কৰিছিল।

বৰ্তমানেও স্থানীয় ৰাইজ তথা ‘সমূহ’ৰ দ্বাৰা নিৰ্বাচিত এখন কমিটীৰ দ্বাৰা সত্ৰখন পৰিচালিত হৈ আহিছে। এই লেখকৰ পিতৃ মুক্তিযুঁজাৰু প্ৰয়াত গোপীকান্ত মহন্ত প্ৰায় ৪০ বছৰ কাল এই সত্ৰৰ মুৰব্বী অৰ্থাৎ সভাপতি হিচাপে সুচাৰুৰূপে সত্ৰ পৰিচালনা কৰিছিল। আতৈয়ে যে সত্ৰত নাম-কীৰ্তন কৰি অকল ধৰ্ম প্ৰচাৰেই কৰিছিল এনে নহয়, তেওঁ সত্ৰখনক সংস্কৃতিৰ পীঠস্থান হিচাপেও গঢ়ি তুলিছিল। সত্ৰৰ নিয়মীয়া নাম-প্ৰসংগ, বৰগীত, থিয়নাম, ছেও-চাপৰি নাম, খোলবাদন, বৰ নাগাৰা নাম, দধিমথন নৃত্য, ব্যাসৰ ওজা, নটুৱা, অংকীয়া ভাওনা, বোকা ভাওনা, গাঁৰিবাগৰ নৃত্য আদিৰ চৰ্চাৰে খটৰা সত্ৰক সংস্কৃতিৰ বৰভঁৰাললৈ পৰিণত কৰিছিল আতৈয়ে। খটৰা সত্ৰৰ ‘খুলীয়া ভাওনা’ দৰঙী সংস্কৃতিৰ এক মাইলৰ খুঁটি।


আনহাতে, সত্ৰত বিভিন্ন উৎসৱ-পাৰ্বণ নিয়মীয়াকৈ পালন কৰি অহা হৈছে গোবিন্দ আতৈৰ দিনৰে পৰা। সত্ৰৰ জৰিয়তে পালন কৰি অহা উৎসৱসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় উৎসৱটিৱেই হ’ল ‘পাচেতি’ উৎসৱ। প্ৰতি বছৰে সত্ৰত আহিন মাহৰ দোমাহীত এই উৎসৱ পালন কৰি অহা হৈছে। পাচেতিৰ মূল আকৰ্ষণীয় কাৰ্যসূচী হ’ল দধিমথন। এইবাৰো অতি উলহ-মালহেৰে সত্ৰ প্ৰাংগণত কালিৰে পৰা ‘পাচেতি’ উৎসৱ পালন কৰা হৈছে।

এই উৎসৱত সত্ৰত নাম-কীৰ্তন, দধিমথন ভাওনা আৰু অন্যান্য কাৰ্যসূচীত অসমৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ পাচেতিৰ কেইদিন এখন বৃহৎ মেলাও বহে সত্ৰ প্ৰাংগণতে। প্ৰতি বছৰে কেইবা লক্ষ লোকৰ সমাগম হয় ‘পাচেতি’ উৎসৱত। মুঠতে সংস্কৃতিৰ আপুৰুগীয়া বৰপেৰা হ’ল এই খটৰা সত্ৰ। বৰ্তমান খটৰা সত্ৰখন জাকত জিলিকা কৰি তোলাত সত্ৰৰ সুগন্ধি দুগুণে বিয়পি পৰিছে। সত্ৰ প্ৰাংগণত এবাৰ থিয় দিয়াৰ পিছত যেন সমষ্ট শোক-তাপ নিৰ্মূল হয় মনৰ পৰা। সেয়ে প্ৰতিদিনে সুখী-দুখী-তাপী সকলোৱেএবাৰ হ’লেও আহে এই সত্ৰলৈ মনৰ প্ৰশস্তি বিচাৰি। চিৰদিন চিৰকাল জিলিকি থাকক খটৰা সত্ৰ অসম আকাশত।

লেখকঃ ভূপেন মহন্ত

লগতে পঢ়কঃ Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

Comments are closed.