ৰাজ্যত অস্বাভাৱিক বাবে অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই নগৰৰ মাজমজিয়াৰে বিভিন্ন শ্ল’গানেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । চিলাপথাৰ শ্বহীদ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি যোগানমন্ত্ৰী ৰনজিৎ দাসৰ পুত্তালিকা দাহ কৰি শতাধিক আছু কৰ্মীয়ে ৰূপায়ন কৰে এই বিক্ষোভ কাৰ্যসূচী । প্ৰতিবাদীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই-হাই ,হাই-হাই , যোগান মন্ত্ৰী ৰঞ্জিত দাস লেই-লেই , চেই-চেই ,কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী হুঁচিয়াৰ , আছু জিন্দাবাদ, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক, যোগান বিভাগ কাম নাই , কাম নাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ।
প্ৰতিবাদস্থলীত মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰনজিৎ দাসক ক্ষুৰধাৰ সমালোচনা কৰে চিলাপথাৰ আঞ্চলিকৰ আছুৰ কৰ্মকৰ্তা সকলে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত – অৰুণাচলত চিত্ৰ আঁকিৱলৈ গৈ গ্ৰেপ্তাৰ হোৱা চিত্ৰশিল্পী নীলিম মহন্তক বিনাস্বত্তে মুক্তি দিৱলৈ দাবী জনায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ কৰ্মীসকলে ।