লাহৰীঘাট মহাবিদ্যালয়ত ২০২২ বৰ্ষৰ ছাত্র একতা সভাৰ শপত গ্রহণ

মৰিগাঁও জিলাৰ লাহৰীঘাট মহাবিদ্যালয়ত ২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত হোৱা ছাত্র একতা সভাৰ শপত গ্রহণ অনুষ্ঠানটি সুকলমে সম্পন্ন হয়। ৩ ফেব্ৰুৱাৰীত ছাত্র একতা সভাৰ সদস্য পদৰ বাবে মনোনয়ন পত্র দাখিল কৰিছিল, আৰু সেই মৰ্মে ১০ ফেব্ৰুৱাৰীত মহাবিদ্যালয়ৰ নিৰ্বাচন কতৃপক্ষই বিভিন্ন পদত বিজয়ী হোৱা প্ৰাৰ্থী সকলৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে। ২০২২ বৰ্ষৰ ছাত্র একতা সভাৰ বিভিন্ন পদত বিজয়ী হোৱা সদস্য সকল ক্ৰমে উপ সভাপতি বাহাৰুল ইছলাম, সাধাৰণ সম্পাদক মুক্তাৰ হুছেইন, সহকাৰী সাধাৰণ সম্পাদক পাৰবেজ মোশাৰফ, সাংস্কৃতিক সম্পাদক ফৰিদুল ইছলাম, ক্ৰীড়া সম্পাদক জাহাৰুল ইছলাম, আলোচনী সম্পাদক ৰিয়াজুল আহমেদ, ছাত্র জিৰণি কোঠাৰ সম্পাদক ৰাশিদুল ইছলাম, আৰু ছাত্রী জিৰণি কোঠাৰ  সম্পাদিকা ইয়াচমিন ছুলতানা।

তাৰে লগত সংগতি ৰাখি আজি দিনৰ ১১ বজাত মহাবিদ্যালয় শ্ৰেণী কক্ষত  নিৰ্বাচিত হোৱা সদস্য সকলক শপত গ্ৰহণ  গ্রহণ কৰোৱা হয়। শপত গ্রহণ অনুষ্ঠানটি সঞ্চালনা কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি ছফিৰ উদ্দিন আহমেদে। সভাৰ উদ্দেশ্য বাখ্যা ও আদৰণি পৰ্বৰ আঁত ধৰে প্ৰবক্তা আবুল ফজলে। শপত গ্রহণ কৰোৱাই নব নিৰ্বাচিত ছাত্র একতা সভাৰ সদস্য সকলক একোখনকৈ ফুলাম গামোচা প্ৰদান কৰাৰ লগতে সকলোকে বিজয়ী পত্ৰ দিয়া হয়। উল্লেখ্য যে মনোনয়ন পত্র দাখিল কৰা ছাত্র ছাত্রী সকলৰ মাজত সকলো পদৰ বাবে কোনো বিৰোধী প্ৰতিদ্বন্দিতা নকৰাত বিনা প্রতিদ্বন্দ্বিতাই বিজয়ী বুলি মহাবিদ্যালয়ৰ নিৰ্বাচন কতৃপক্ষই আনুষ্ঠানিকভাবে ভাবে ঘোষণা কৰে। শপত গ্রহণ অনুষ্ঠানত মহান প্ৰবক্তা গোটৰ লগতে ছাত্র ছাত্রী সকল উপস্থিত আছিল। 

Related Articles