মেক্সিক চিটিৰ পৰা দক্ষিণত এখন সৰু ঠাই আছে ।ঠাই খনত যেতিয়া আপুনি যাব,ঠাই খনত গছবোৰ আৰু সকলো ঠাইত দেখা পাব ওলমি থকা বহুত পুতলা । দিনৰ পোহৰত শুই থকা পুতলা বোৰ হেনো ৰাতি ইয়াত জীৱন্ত হৈ উঠে ।
এই সৰু দ্বীপটোত আছিল জুলিয়ান সান্তনা বৰেৰা নামৰ এজন ব্যক্তি । বহু বছৰ আগতে এদিন তেওঁ থকা ঠাই খনৰ ওচৰত থকা লেক এটাত এজনী ছোৱালী ডুবি মৰিছিল । সেই ঠাইতে পিছদিনা এটা পুতলা ভাহি আহিছিল । বেছি একো নাভাবি ধুনীয়া পুতলাটো জুলিয়ানে উঠাই ওচৰৰে গছ এডালত ওলোমাই থয় দিলে । ৰাতি শুই থকা জুলিয়ানে শুনিলে কাৰোবাৰ কান্দোন । উঠি চাই দেখে যে লেকটোৰ পাৰত কান্দি কান্দি ছোৱালী এজনীয়ে কৈ আছে “মোৰ পুতলা তো কিয় ললি? ঘূৰাই দে, ঘূৰাই দে”
জুলিয়ানৰ বুজিব বাকী নাথাকিল যে সেইয়া ডুবি মৰা ছোৱালীজনীৰ আত্মা । পিছদিনা তেওঁ নতুন পুতলা আনি গছ এডালত ওলোমাই দিয়ে । পিছত প্ৰায় ছোৱালী জনীয়ে ৰাতি চিঞৰি চিঞৰি কান্দে আৰু জুলিয়ানে যত যি পুতলা পাই সেইবোৰ আনি আনি গছত ওলোমাই দিয়ে ।
বহু বছৰ ধৰি তেওঁ ছোৱালী জনীৰ আত্মা তোক সন্তুষ্ট কৰিবলৈ পুতলা ওলমাই যায়, তেওঁৰ ঘৰৰ সদস্যৰ দৰেই । তেওঁৰ মতে ৰাতি হলে সকলো পুতলা জীৱন্ত হৈ উঠে সেই ছোৱালী জনীৰ আত্মাৰ লগত । সকলোয়ে খেলে,মাতে,হাঁহি ধেমালি কৰে । ১৯৮৭ চনত এই ঠাই খন পোহৰলৈ আহে আৰু সকলোৰে বাবে কৌতুহলৰ বিষয় বস্তু হৈ পৰে । আচৰিত ভাৱে ,ঠাই খনৰ বাকী ঠাইত চৰাই চিৰিকতিৰ মাত শুনিব পাৰি ,কিন্তু সেই ঠাই খিনিত এক অদ্ভুত নিৰ্জনতা আছে ।
২০০১ চনত জুলিয়ানৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ তো ঠিক সেই ঠাইত উদ্ধাৰ হয় যত তেওঁ ৰাতি ৰাতি সেই পানীত ডুবা ছোৱালী জনীয়ে তেওঁক পুতলা বিচাৰি থিয় দি থকাৰ কথা কৈছিল । আজিকালি এই ঠাই মানুহে চাব যায় আৰু আত্মা বোৰৰ শান্তি কামনা কৰি পুতলা ওলোমাই আহে ।