Breaking

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসমৰ উদ্যোগত; ধুবুৰী প্ৰশাসনৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত গ্রীষ্মকালীন কর্মশালা…

0 104

সাস্কৃতিক পৰিক্ৰমা বিভাগ, অসমৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত ১৫ জুলাইৰ পৰা ২৪ জুলাই ২০২৩ ইং তাৰিখ লৈ ছাত্ৰ-ছাত্ৰী সকলৰ এখনি গ্রীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। কবিতা আবৃত্তি আৰু লোকনৃত্যৰ কর্মশালা ধুবুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা বিবেকানন্দ বিদ্যাপীঠ উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ’ব।

আজি কবিতা আবৃত্তি, সত্ৰীয়া নৃত্য আৰু লোকনৃত্যৰ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি দিনৰ ১১ বজাত ধুবুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত আয়োজন কৰা হয় মুখ্য বক্তা হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত দিবাকৰ নাথ আৰু জিলা আৰক্ষী অধিক্ষকে ধৰি জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত,আমন্ত্ৰিত অতিথি সকলৰ লগতে বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে আটাইকেইটা কাৰ্য্যসূচীতে ৷

Leave A Reply

Your email address will not be published.