Breaking

ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা কবি সন্মিলনৰ সহযোগত কাব্যদিন উদযাপন…

0 61

সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলাৰ শাখা ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিন অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে দিজেন্দ্ৰ নাৰ্থ হাজৰিকাই, বন্তি প্ৰজ্বলন কৰে তিলক বৰাই, স্মৃতি তৰ্পণ কৰে পুতুল চন্দ্ৰ ডেকা, বৃক্ষৰোপন কৰে দুৰ্গেশ্বৰ বৰকটকীয়ে। ইয়াৰ পিছতে কবিতা পাঠৰ অনুষ্ঠানৰ উদ্বোধন কৰে ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ সম্পাদক আৰতি মেধিয়ে।

প্ৰায় ডেৰশ কবিয়ে কবিতা পাঠ কৰা অনুষ্ঠানৰ সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন, উপ-সভাপতি উজ্জ্বল পাওগাম, সম্পাদক পৱন শৰ্মা, সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থকাৰ লগতে উদ্যোক্তা আৰতি মেধি, মদাৰজ্যোতি, কবি-গল্পকাৰ নৱজ্যোতি বৰা, কবি-সংবাদিক ৰুপম নাথ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.