আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল। দুয়োজনে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক দিলে। এই খবৰটো বিয়পি পৰাৰ লগে লগে ইনষ্টাগ্ৰামত অভিনন্দন দিলে অনুৰাগীয়ে।(Athiya-Rahul)
আথিয়াই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা চুটি আৰু আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি কন্যা সন্তান ঘৰলৈ অহাৰ কথা জনাই। তেওঁৰ ঘোষণাৰ পিছত উদ্যোগটোৰ অনুৰাগী আৰু বন্ধু-বান্ধৱীয়ে তেওঁক অভিনন্দন জনাবলৈ আৰম্ভ কৰে। এয়া তেওঁৰ আৰু তেওঁৰ স্বামী কে এল ৰাহুলৰ বাবে এক অতি বিশেষ মুহূৰ্ত।
আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলৰ পৰিয়ালত এক আনন্দৰ পৰিৱেশ এতিয়া। ককাক সুনীল শ্বেট্টী নতুন ব্যক্তিৰ আগমনত উৎফুল্লিত।
কন্যা আৰু জোঁৱাইৰ পোষ্টটো শ্বেয়াৰ কৰি সুনীলে ইমোজিৰে মৰমেৰে ভৰাই দিলে। আথিয়াৰ ভায়েক আহনেও ইমোজিৰে আনন্দ প্ৰকাশ কৰে। উদ্যোগটোৰ বহু চেলিব্ৰিটি আৰু বন্ধুৱেও দম্পতীহালক অভনন্দন দিয়ে। অভিনেতা বিক্ৰান্ত মেছেই লিখিছে, “ভগৱানে আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক।”