Breaking

গৰুখুতিৰ উচ্ছেদ কাণ্ডক ধৰ্মীয় মেৰুকৰন কৰাৰ চেষ্টা

0 2,079

গৰুখুতিৰ উচ্ছেদ কাণ্ডক ধৰ্মীয় মেৰুকৰন কৰাৰ চেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতা পালি নেতাই কিন্তু ইয়াৰ বিপৰীতে অসম আন্দোলনৰ প্ৰাক মূহুৰ্তত গৰুখুতিৰ সমীপবৰ্তী চৰ চাপৰি অঞ্চলৰ বেদশলকৃত ভূমি বেদশলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছিল একাংশ থলুৱা মুছলমানে আনকি ২০১২ চনত প্ৰয়াত কুবাত আলী নামৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ সনোৱা গাঁৱৰ এজন লোকে ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ দাবীৰে আদালতত গোচৰ তৰিছিল এনে পৰিপ্ৰেক্ষিতত ৮৫৫ জন শ্বাহিদ ক অপমান সূচক মন্তব্য কৰা কায্যক ধিক্কাৰ প্ৰদান কৰি উচ্ছেদ সম্পৰ্কত ধৰ্মীয় ৰহণ সানিবলৈ বাধা আৰোপ কৰিছে একাংশ থলুৱা মুচলমান সম্প্ৰদায়ৰ লোকে।আনহাতে শেৰমান আলীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বাহিদ পৰিয়ালে। চৰকাৰী ভূমিৰ অবৈধ উচ্ছেদৰ বাবে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সাহসী পদক্ষেপক আদৰণি জনাইছে গৰুখুটিৰ শ্বহীদ পৰিয়ালে । খিলঞ্জীয়াৰ ভূমিমুক্ত কৰি কৃষি প্ৰকল্প ৰূপায়ণ কৰাত সন্তুষ্টি ব্যক্ত কৰে ৰাজাপুখুৰী গাঁৱৰ শ্বহীদ পৰেশ বৰাৰ পৰিয়ালবৰ্গই।সমান্তৰাল ভাৱে ছিপাঝাৰৰ দেৱানন্দ গাঁৱৰ মুজাৰাম বৰাৰ পৰিয়ালেও মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ প্ৰতি আদৰণি জনাইছে। ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত অবৈধ দখলকাৰীয়ে হানি খুচি হত্যা কৰা পৰেশ বৰা আৰু মুজাৰাম বৰাৰ অসম আন্দোলনৰ বৰ্ণনা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.