Atul Bora। বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব কি ক’লে বিধায়ক অতুল বৰাই…

২৮ ডিচেম্বৰ,২০২৪ঃ Atul Bora। অতুল বৰাই কয়, ” বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে।
বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে।”

বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে।” ইয়াৰ পৰা ৰক্ষা পাবলৈ পাছফালে মুখা লগোৱাৰ কথা ক’লে অতুল বৰাই। তেওঁ কয়, ” বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সুন্দৰবনত মাছমৰীয়াসকলে পাছফালে এখন মুখা লগাই লয়। এই দৃশ্য় আমি চিনেমাত দেখিছোঁ। মুখা পিন্ধিলে বাঘে আক্ৰমণ নকৰে। ” সেয়েহে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মুখা লগাবলৈ উপদেশ দিয়ে বিধায়কগৰাকীয়ে।

লগতে তেওঁ কয়, “বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে। পাহাৰ কাটি মানুহ বাঘৰ ঘৰত সোমোৱাৰ বাবেই গুৱাহাটীত বাঘ ওলাইছে। গছ-গছন সকলো কাটিছে । কোনেও বাধা নিদিয়ে।” ইফালে ভূ-মাফিয়াক লৈ সৰৱ হ’ল অতুল বৰা। তেওঁ কয়, ভূ-মাফিয়াই টিকট পোৱাটো অতুল বৰাই নিবিচাৰে। ভূ-মাফিয়াক কোনো দলে টিকট দিব নালেগে। তেওঁ কয়, এতিয়া বনদস্যু ইমানে বাঢ়িছে যে জংঘলৰ পৰা হাতী-বাঘবোৰ ওলাই আহিছে। তেওঁ কয়, “ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে যদি কাৰোবাক গুলীয়ায়, তেন্তে আটাইতকৈ সুখী মই হ’ম”।

Related Articles