Breaking

পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৱনী লেখাৰা…

0 29

পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৱনী লেখাৰা। পেৰিছত চলি থকা পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1) প্ৰতিযোগিতাত ভাৰতৰ অৱনী লেখাৰাই সোণৰ পদক লাভ কৰিছে। সতীৰ্থ মোনা আগৰৱালে ব্ৰঞ্জৰ পদক দখল কৰে। পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে মহিলা অৱনী লেখাৰাও।

১১ বছৰ বয়সত এটা মটৰ দুৰ্ঘটনাত কঁকালৰ তলছোৱা পক্ষাঘাতগ্ৰস্ত হৈ পৰাৰ পিছত হুইল চেয়াৰত বহি থকা অৱনীয়ে ২০২১ চনত টকিঅ’ পেৰালিম্পিকতো সোণৰ পদক লাভ কৰিছিল।

লগতে পঢ়কঃ সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট! বিধানসভাৰ শৰতকালীন অধিৱেশনত আটাইতকৈ চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন

Leave A Reply

Your email address will not be published.