Breaking

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা

0 1,455

 মদাৰখাত, ১৩ ডিচেম্বৰ: ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লাহোৱাল আৰু ডিব্ৰুগড় খণ্ডৰ উদ্যোগত লাহোৱাল প্ৰাথমিক বিদ্যালয়ত আজি দুই শতাধিক প্ৰাথমিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলীৰ সভাপতিত্বত হোৱা সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ সমস্যা আৰু কভিডৰ বাবে হোৱা শৈক্ষিক ক্ষতি কেনেকৈ পূৰ কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে। তেওঁ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আওকাণ কৰাক তীব্ৰ গৰিহণা দি কয় যে মুখ্যমন্ত্ৰীৰ আসনক সন্মান কৰিব নজনা চৰকাৰ বুলি কয়। যিহেতু এই প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ বিষয়টো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয় বিভাগলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে। স্নাতক শিক্ষক সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী ১৭ মাহ গ্ৰেড পে ৮৭০০ দি পুনৰাই উভতাই লোৱাটো প্ৰাথমিক শিক্ষকৰ বাবে অপমানজনক। অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিষয়টো সমাধান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই আন বিকল্প ব্যৱস্থা গ্ৰহণ কৰি কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বাধ্য বুলি কয়। শৈক্ষিক দিশৰ বাদে আন ক্ষেত্ৰত অসহযোগ কৰাৰ হুংকাৰ প্ৰদান কৰে। সন্মিলনীয়ে প্ৰাপ্য আৰু অধিকাৰ, দ্বায়িত্ব আৰু কৰ্তব্য, মৰ্যদা ৰক্ষাৰ যুদ্ধ এই তিনি পন্থাৰে কাৰ্য সম্পাদন কৰে বুলি উল্লেখ কৰি শিক্ষকসকলৰ বিভিন্ন সমস্যা, শৈক্ষিক উত্তৰণত সন্মিলনীৰ ভূমিকা আৰু কৰণীয় সন্দৰ্ভত বক্তব্য ৰাখে। তদুপৰি ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায়‌। সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি সুব্ৰত ধৰে সৰ্বভাৰতীয় একক আৰু বৃহৎ শিক্ষকৰ সংগঠন প্ৰাথমিক শিক্ষক সন্মিলনীৰ ইতিহাস আৰু বিভিন্ন কাৰ্যপন্থা অৱগত কৰে। সহ সম্পাদক শৈলেন কলিতা আৰু সৰ্বভাৰতীয় সদস্য দীপাংকৰ কোঁৱৰেও বক্তব্য ৰাখে। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ, গুৱাহাটী মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি বিপুল ডাকোৱা, ডিব্ৰুগড় জিলাৰ উপ-সভাপতি মৃদুল বড়া, লাহোৱাল খণ্ডৰ সভাপতি মুকুল গগৈ, ডিব্ৰুগড় খণ্ডৰ সভাপতি অশোক মজুমদাৰৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ সহ সম্পাদক ৰিণ্টু চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.