Breaking

অসম-নগালেণ্ড সীমান্তৰ উৰীয়াম ঘাটত কৃষি বিপ্লৱৰ উদেশ্যে যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ সজাগতা সভা

0 1,526

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ দয়ালপুৰ গাঁৱত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ উদ্যোগত আৰু বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত কৃষি সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। সীমান্ত অঞ্চলটোৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সজাগতা সভাত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বি চি ডেকা, ভাৰত চৰকাৰৰ উদ্যান শস্য বিভাগৰ আয়ুক্ত ড° প্ৰভাত কুমাৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ গবেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য আৰু বড়ো কছাৰী কল্যান স্বায়ত্ব পৰিষদৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰী লগতে বহুতো গন্য মান্য ব্যক্তি উপস্হিত থাকি ৰাইজৰ মাজত বিভিন্ন খেতি সন্দৰ্ভত বিশেষকৈ জালুক খেতি প্ৰসংগত বহুলভাৱে ভাৱ বিনিময় কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে।

বিগত সময়চোৱাতো এই অঞ্চলসমূহত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি কৃষক সকলক উপকৃত কৰি আহিছে আৰু কৃষকসকলেও বিভিন্ন উৎপাদিত সামগ্ৰীসমূহ বিগত সময়চোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ লগত যোগাযোগ কৰি উচিত মূল্যত বিক্ৰি কৰি প্ৰচুৰ পৰিমাণে লাভাম্বিত হৈছে।

Leave A Reply

Your email address will not be published.