Breaking

চাপৰৰ টিলাপাৰাত বাল্য বিবাহ, ড্ৰাগছ, চাইবাৰ ক্ৰাইম আৰু পথ সুৰক্ষাক লৈ সজাগতা সভা…

0 16

চাপৰৰ টিলাপাৰাত বাল্য বিবাহ, ড্ৰাগছ, চাইবাৰ ক্ৰাইম আৰু পথ সুৰক্ষাক লৈ বিশেষ সজাগতা সভা। নাগৰিক সুৰক্ষা সমিতি চাপৰ আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভা। উক্ত সজাগতা সভাত সমাজ ধ্বংসকাৰী সামাজিক ব্যাধি বাল্য বিবাহ, যুৱ প্ৰজন্মক ধ্বংসকাৰী ড্ৰাগছ, চাইবাৰ ক্ৰাইম আৰু পথ সুৰক্ষাকলৈ শিক্ষাৰ্থীৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰা হয়।

টিলাপাৰা হাইস্কুলত চাপৰ আৰক্ষীয়ে অনুষ্ঠিত কৰা উক্ত সজাগতামূলক সভাত উপস্থিত থাকে চাপৰ থানাৰ আৰক্ষী বিষয়া, শালকোচা আৰক্ষী চকীৰ আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী বিষয়া, টিলাপাৰা অঞ্চলৰ কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰী, সচেতন সমাজৰ লগতে প্ৰায় চাৰি সহস্ৰাধিক শিক্ষাৰ্থী।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছ, চাইবাৰক্ৰাইম, বাল্যবিবাহ আদিৰ ভয়ানক ভয়াবহতাৰ ওপৰত তন্ন-তন্ন কৈ আলোচনা কৰে আৰক্ষী বিষয়া সকলে। আৰক্ষীয়ে শিক্ষাৰ্থীৰ মাজত এনে সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীক ধন্যবাদ জনাইছে টিলাপাৰাৰ সচেতন ৰাইজে।

Leave A Reply