Breaking

চৰাইদেউত আপতাৰ উদ্যোগত সাঁচি গছৰ ওপৰত সজাগতা সভা ।

0 95

দৈনন্দিন বাৰ্তা ,সাপেখাতী

যি সময়ত চৰকাৰে ৰাজ্যত দিহিং পাটকাই ৰ দৰে বৰ্ষাৰণ্যৰ ধংসযজ্ঞ চলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে তেনে সময়তে গছ পুলি ৰূপণ কৰি কেনেদৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰি তাৰ বাবে অন্য এক সজাগতাৰ সৃষ্টি কৰিছে “আপতা”নামৰ বিশেষ সংগঠনটোৱে। আজি ঐতিহাসিক চৰাইদেউ জিলাৰ হাওঁফাওঁ গাঁওত “আপতা”ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰে সাঁচি গছৰ ওপৰত এখন বিশেষ সজাগতা সভা। উক্ত সজাগতা সভাখনত আপতাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জেহেৰুল ইছলাম আৰু উপ সভাপতি সত্যজিৎ হাজৰিকা উপস্থিত হৈ সাঁচি গছৰ উৎপাদনৰ ক্ষেত্ৰত লব লগা বিশেষ পদ্ধতি সমূহৰ লগতে এই খেতিৰ পৰা কেনেদৰে লাভাম্বিত হৈ স্বাৱলম্বি হব পাৰে তাকে লৈ সুন্দৰ ভাৱে মন্তব্য আগবঢ়াই। আনহাতে আজিৰ এই সজাগতা সভাখনত উপস্থিত থকা লোক সকলক কেন্দ্ৰীয় সমিতিৰ দুয়োজন বিষয়ববীয়াই একোখনকৈ মাক্স আৰু সাঁচি গছৰ এটিকৈ পুলি প্ৰদান কৰি অন্য এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে যি সময়ত কৰ্মসংস্থাপনৰ বাবে নিবনুৱা সকলে বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছিল। তেনে সময়তে সাঁচি গছৰ খেতিৰে কেনেকৈ এজন ব্যক্তি লাভম্বিত হব পাৰি তাকে লৈ আপতাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সঞ্জীৱ শইকিয়া আৰু সম্পাদক সৌৰভজ্যোতি গগৈয়ে লোৱা এনে সুন্দৰ পদক্ষেপক এতিয়া সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.