Breaking

মাজুলীত ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ অধীনত আধাতে বিদ্যালয় এৰা (ড্ৰপ আউট) ছাত্ৰী সন্দৰ্ভত সজাগতা সভা…

0 114

পূব মাজুলীৰ  বনগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা মহিলা সবলীকৰণ কেন্দ্ৰ আৰু ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ অধীনত মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু সমগ্ৰ শিক্ষা অভিযান, মাজুলীৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কুশদীপ হাটীমতাই আঁত ধৰা সভাত জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে।

সমল ব্যক্তি তথা নেপচিডৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বন্দনা ভূঞাই প্ৰজেক্টৰৰ জৰিয়তে আধাতে বিদ্যালয় এৰা (ড্ৰপ আউট) ছাত্ৰ-ছাত্ৰী, শিশু সৰবৰাহ আদিৰ বিষয়ে বিস্তাৰিতভাৱে আলোকপাত কৰে। শিশু-কিশোৰৰ অপৰাধজনিত বিষয়ত বক্তব্য দাঙি ধৰি কৈশোৰ ন্যায়িক পৰিষদৰ মাজুলী জিলাৰ সদস্য ৰমেশ চন্দ্ৰ শ‌ইকীয়াই বিস্তৃত বাখ্যা আগবঢ়ায়।

আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্ৰীৰ সন্দৰ্ভত বাখ্যা কৰি সহকাৰী আয়ুক্ত তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱাই ড্ৰপ আউট শূণ্য কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ সহযোগিতা কামনা কৰে। বনগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মঞ্চজ্যোতি বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। সভাখনত অঞ্চলৰ বহুকেইজন গণ্য-মান্য ব্যক্তি, ড্ৰপ আউট বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, অংগনবাদী কৰ্মী, গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সভাতে দুগৰাকী ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়মুখী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.