Breaking

নাজিৰাত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক পোষণ সজাগতা সভা

0 2,078

 নাজিৰা মহকুমা অন্তৰ্গত ৰজাপুল ৰঙ্গমঞ্চত  নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ২৮ ছেপ্টেম্বৰত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। পোষণ অভিযানৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি “আমাৰ খাদ্য আমাৰ স্বাস্থ্য” শীৰ্ষক এখনি খাদ্য মেলাৰো আয়োজন কৰা হয়। পোষণ অভিযানৰ সজাগতা সভাৰ আৰম্ভণিতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে  বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছতে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ সকলক উদ্দেশ্যি অঙ্গনবাদী কৰ্মী সকলে বিয়ানাম পৰিবেশন কৰে।শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়াই  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শিশুৰ লগতে মাতৃ সকলে কেনে ধৰণৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত সেই বিষয়ে সকলোকে অৱগত কৰায়। নিজৰ ভাষণত মহকুমাধিপতি সব্যসাচী  কাশ্যপে সমাজ কল্যাণ বিভাগৰ পোষণ অভিযানৰ এই প্ৰচেষ্টাক শলাগ যাচে। তেখেতে কয় যে, “পোষণ অবিৰত ভাৱে চলি থকা এক যাত্ৰা । পুষ্টিকৰ খাদ্যৰ বিষয়ে জ্ঞান কেৱল মাতৃ সকলৰ থাকিলেই নহব, ঘৰৰ মূৰব্বী জনেও এই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয় ।” পোষণ অভিযানক এক গণ-আন্দোলন ৰূপে দাঙি ধৰিবলৈ তেখেতে সংশ্লিষ্ট সকলো ব্যক্তিকে আহ্বান জনায় । নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে মুখ্য অতিথি ৰূপে আসন গ্ৰহণ কৰা এই সজাগতা সভাৰ নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে তথ্য ও জনসংযোগ বিষয়া  ড° বৰ্ণালী দত্ত, চিনি স্বেচ্ছাসেৱী জিলা সমন্বয়ক আমান উল্লাহ আহমেদ, ফুলনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেমপ্ৰভা সন্দিকৈ। লগতে সমল ব্যক্তি ৰূপে উপস্থিত থাকে জিলা শিশু কল্যাণ সমিতিৰ  অধ্যক্ষা তথা পুষ্টি বিশেষজ্ঞা  দীপালী স্বৰ্গীয়াৰী আৰু স্বাস্থ্য  বিভাগৰ খণ্ড সামূহিক আহ্বায়ক মৃদুপৱন পাত্ৰ। এই সজাগতা সভাখনৰ সাংস্কৃতিক কাৰ্যসূচী স্বৰূপে বিহু নৃত্য প্ৰদৰ্শন কৰে তৃষ্ণা শইকীয়া আৰু সংগী বৃন্দই, বিয়া নাম সুৰমাই হাতীমূৰিয়া আৰু সংগী বৃন্দই আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে লক্ষ্মী চাওৰা আৰু সংগী বৃন্দই। শিশু উন্নয়ন প্ৰকল্পৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই আঁত ধৰা এই সজাগতা সভাত পোষণ সমন্বয়ক অভিনৱ গগৈও  উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.