Breaking

পশ্চিম নলবাৰীত নাৰী নির্যাতন বন্ধৰ সজাগতা মুলক কার্য্যসূচী

0 2,347

সমগ্র দেশতে এতিয়া মহিলা সকলৰ ওপৰত বিভিন্ন ধৰনে নির্যাতন চলিব ধৰিছে  আৰু এই নাৰী নির্যাতন সমূহ সমাজৰ পৰা নির্মুল কৰাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন আঁচনিও ৰূপায়ন কৰিছে ৷বুধবাৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ নির্দেশ মর্মে পশ্চিম নলবাৰী সংহত শিশু বিকাশ প্রকল্পৰ বিষয়াৰ উদ্যোগত আৰু   , অংগনাৱাদী  কর্মী— সহায়িকা, গাওঁ প্রধান, আশাকর্মী ,এ এন এম ,জিৱীকা সখীৰ লগতে কর্মচাৰী মুখ্যসেৱীকা আদিৰ সহযোগত ৰাতিপুৱা  ৯—৩০ বজাত পশ্চিম নলবাৰী সংহত শিশু বিকাশ প্রকল্প বিষয়াৰ কার্য্যালয়ৰ পৰা এক বিশাল নাৰী নির্যাতন বন্ধৰ সজাগতা মূলক   আয়োজন কৰা হয়  ৷সমদলটো কার্য্যালয়ৰ পৰা চামতা সর্থেবাৰী পল্লাপথেৰে গৈ চামতাস্থিত ৰূপকোঁৱৰ কলাপৰিষৰ বাকৰিত সমাপ্ত কৰে ৷সমদলৰ সময়ত কর্মী সহায়িককা সকলে হাতত বিভিন্ন শ্লো গান লিগা প্লে কার্ডলৈ শ্লোগান সমুহ আউৰাই গাই আকাশ বতাহ কপাই দিয়ে ৷  লগতে বাটৰ নাটও মঞ্চস্হ কৰা হয় ৷ নির্যাতন বন্ধ কৰক,নাৰীক সুৰক্ষা প্রদান কৰক,নাৰী হত্যা ধর্ষন বন্ধ কৰক,নাৰীক উচিত মর্য্যদা প্রদান কৰক,বাল্য বিবাহ বন্ধ কৰক, ভ্রুন হত্যা বন্ধ কৰক, নাৰী পুৰুষক সমান অধিকাৰ দিয়ক,যৌতুক দিয়া আৰু লোৱা আইন মতে দন্দনীয় ,এই শ্লো গানেৰে মুখৰিত কৰি তোলে ৷সমদলৰ শেষত এখন সজাগতা সভা অনুস্থিত কৰি ক্রমে কার্য্যালয়ৰ পৰিসংখ্যা সহায়ক অৰূপ কুমাৰ শৰনীয়া,পচন খন্দ সমন্বয়ক উৎপল ডেকা ,সহকাৰী খন্দ সমন্বয়ক বিক্রম বর্মন, মুখ্য সেবিকা মঞ্জুলা মেধি আদিয়ে নাৰী নির্য্যাতন বন্ধ কৰি সমাজ খনক আগবঢ়াই নিয়াৰ ক্ষেত্রত বক্তব্য আগবঢ়াই ৷

Leave A Reply

Your email address will not be published.