Ayurveda Biology: ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’

গুৱাহাটী, ৮ নৱেম্বৰঃ ভাৰতীয় আয়ুৰ্বেদৰ(Ayurveda Biology) সুনাম বিশ্বজুৰি আছে। এনে সময়তে ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় হিচাবে নিৰ্ধাৰণ কৰা হৈছে ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’।

বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি)(5 Year Integrated BSc MSc Program) এক চৰকাৰী অধিসূচনাযোগে জনাইছে যে আয়ুৰ্বেদ জীৱবিজ্ঞান এতিয়া ইউজিচি-নেটত(UGC) বিষয় হিচাপে প্ৰৱৰ্তন কৰা হৈছে।

প্ৰাৰ্থীসকলে এই সম্পৰ্কে অধিক তথ্য ইউজিচিৰৰ অফিচিয়েল ৱেবছাইট ugcnetonline.inত পাব বুলিও কোৱা হৈছে(JNU)।

চৰকাৰী জাননীখনত কোৱা হৈছে “বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত আয়োগে ২০২৪ চনৰ ২৫ জুনত অনুষ্ঠিত ৫৮১ সংখ্যক বৈঠকত ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ইউজিচি নেটৰ বৰ্তমানৰ বিষয়ৰ তালিকাত ”আয়ুৰ্বেদ জীৱবিজ্ঞান”ক অতিৰিক্ত বিষয় হিচাপে যোগ কৰাৰ সিদ্ধান্ত লৈছে,”(Environmental Studies)।

আয়ুৰ্বেদ জীৱবিজ্ঞানৰ পাঠ্যক্ৰম এনেধৰণৰ হব -১: আয়ুৰ্বেদৰ ইতিহাস আৰু বিকাশ, একক ২: আয়ুৰ্বেদৰ দৰ্শন আৰু মৌলিক নীতি, একক ৩: শ্বৰীৰা ৰচনা আৰু ক্ৰিয়া, একক ৪: পদৰ্থ বিজ্ঞান আৰু দ্ৰাব্য বিজ্ঞান, একক ৫: ৰস শাস্ত্ৰ, ভেষজ্য কল্পনা আৰু আয়ুৰ্বেদিক ফাৰ্মাকোপিয়া, একক ৬: ৰোগ জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান আৰু প্ৰতিৰোধ বিজ্ঞান, ইউনিট ৭: জেনেটিক্স, আয়াৰ্জেনমিক্স, কোষ আৰু আণৱিক জীৱবিজ্ঞান।

ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় হিচাপে ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’ অন্তৰ্ভুক্ত কৰা পদক্ষেপক বহুতে আদৰণি জনাইছে।

Related Articles