Breaking

লাহৰীঘাটৰ কাঠনিত আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা

0 83

লাহৰীঘাটৰ কাঠনিত আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা । মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনি মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত  জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত  আজি আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য মেলাত স্বাস্থ্য সম্পৰ্কীয় সকলো বিভাগেই উপস্থিত থাকে। স্বাস্থ্য মেলাত জিলা স্বাস্থ্য যুটীয়া সঞ্চালনাক ডাঃ ফণী পাঠক, যক্ষ্মাৰোগৰ বিশেষজ্ঞ ডাঃ জয়ন্ত কুমাৰ নাথ, SDM & HO i/c ডাঃ ধীৰেন্দ্ৰ কুমাৰ দাসদেৱৰ লগতে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰো উপস্থিত থাকি স্বাস্থ্য সম্পর্কীয় বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবলৈ সজাগতাৰ ওপৰত বক্তব্য ৰাখে।

অৱশ্যে উক্ত স্বাস্থ্য মেলাত স্বাস্থ্য সেৱা, বিনামূলীয়া ৰোগ নিৰ্ণয়, বিনামূলীয়া ঔষধ, ABHA Health ID, আয়ুষ্মান ভাৰত কাৰ্ড, টেলি পৰামৰ্শ, ডায়েবেটিচ Scrinic  কৰা, উচ্চ ৰক্ত চাপ, মূখৰ কৰ্কট ৰোগ, যক্ষ্মা ৰোগৰ চিকিৎসা আদি  উক্ত স্বাস্থ্য মেলাত কৰোৱা হয়। বিশেষ ভাবে নৌকা চিকিৎসা সেৱাৰো অস্থায়ী কেন্দ্র পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.