Breaking

বোকাখাত ‘বি ডিভিজন’ ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ…

0 18

প্ৰত্যেক বছৰৰ দৰে এইবছৰো বোকাখাত জিলা সন্থাৰ উদ্যোগত বোকাখাতত “বি ডিভিজন” ফুটবল প্ৰতিযোগিতাখনি বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয়৷ উক্ত খেলখন উদ্বোধন কৰে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিটোপন চুতীয়াই। লগতে উপস্থিত থাকে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়া, ফুটবল সম্পাদক প্ৰাঞ্জল গগৈ ৰেফ্ৰী বৰ্ডৰ সম্পাদক দেৱৰাজ চেত্ৰী যুটীয়া সম্পাদক মনোজ বৰা ইয়াৰোপৰি বোকাখাত ক্ৰীড়া সন্থাৰ বিষয় ববীয়া প্ৰকাশ ঘাটোৱাৰ,ৰাজা ৰহমান, ফিৰোজ হক, পৱিত্ৰ গগৈ, পৰশুৰাম কৰ্মকাৰ, নিমাই সিং আৰু ক্ৰীড়া সংগঠক অমিত সাগৰ, গীতাৰ্থ শইকীয়া, দ্বীপ ঠাকুৰীয়া,হেমন্ত দাস, অজিত কৰ্মকাৰ, পংকজ কালিন্দী আদি উপস্থিত থাকে।

উদ্বোধনী খেলখনত হাতীখুলি মাজলাইন ফুটবল ক্লাৱ আৰু ৰধাবাৰি ইউনাইটেড ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়। হাতীখুলি মাজলাইন ফুটবল ক্লাৱে ৰধাবাৰি ইউনাইটেড ফুটবল ক্লাৱক ৫-০ গলত পৰাস্ত কৰে ৷ মাজলাইন ফুটবল ক্লাৱৰ হৈ ৰূহিত ভূমিছে ২ টা, লক্ষণ কৰ্মকাৰ , ৰুহিত কৰ্মকাৰ আৰু ওম কৰ্মকাৰে ১ টাকৈ গল কৰে। আগন্তুক বি ডিভিজন ফুটবলখেলখন ২১ মে’ তাৰিখে ৰিউনিয়ন ফুটবল ক্লাৱ বনাম ৰঙাজান ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হব বুলি বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.