সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাই প্ৰাক্তন ক্ৰিকেটাৰ আৰু সন্থাৰ সভাপতি বাদল ঠাকুৰৰ স্বাস্থ্যৰ দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছে৷(Badal Thakur)
উল্লেখ্য যে ঠাকুৰ সম্প্ৰতি হাৰ্নিয়া অস্ৰোপচাৰৰ পিছত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মনকৰিবলগীয়া যে তেওঁ দেশৰ ঘৰুৱা ক্ৰিকেটত অসমক প্ৰতিনিধিত্ব কৰি এসময়ত যথেষ্ট সফলতা অৰ্জন কৰিছিল৷
অসমৰ ক্ৰিকেট ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান অনস্বীকাৰ্য৷ সমগ্ৰ ক্ৰীড়া অনুৰাগীৰ হৈ সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাই সকলো সময়তে তেওঁৰ ওচৰত আছে আৰু অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰিছে৷