Breaking

ৰঙিয়াত মুকলি হ’ল বাজাজৰ নতুন শ্ব’ৰুম ! মুকলি কৰিলে জনপ্রিয় ব্লগাৰ বিকাশ ছেত্ৰীয়ে…

0 85

ভাৰতীয় দেশীয় বাইক নিৰ্মানকাৰী কোম্পানী বাজাজে আজি এটা নৱতম শ্ব’ৰুম মুকলি কৰে । গুৱাহাটীস্থিত উন্নতি বাজাজৰ শাখা হিচাপে ৰঙিয়াত মুকলি কৰা হয় এই শ্ব’ৰুমতো ।

শুক্ৰবাৰে শ্ব’ৰুমতো মুকলি কৰে জনপ্ৰিয় ইউতিউবাৰ বিকাশ ছেত্ৰীয়ে । ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰঙিয়া তিনিআলিত অৱস্থিত এই শ্ব’ৰুমতো । শ্ব’ৰুমটোত বাইক বিক্ৰী কৰাৰ লগতে ছাৰ্ভিছিং আৰু বাজাজৰ সকলো পাৰ্টছ সমূহ একেলগে উপলব্ধ হব বুলি জানিব দিয়ে কৰ্তৃপক্ষই ।

গ্ৰাহক সকলে যি কোনো বাইক টেষ্ট ৰাইড কৰি পছন্দ অনুসৰি ক্ৰয় কৰিব পাৰিব বাইক । গ্ৰাহক সকলক বাইকৰ লগত হেলমেট আৰু আকৰ্ষণীয় বহুতো পুৰস্কাৰ দিয়া হব বুলিও জনাই কৰ্তৃপক্ষই ।

Leave A Reply

Your email address will not be published.