ইতিহাস প্ৰসিদ্ধ কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত খলিহা বড়গাও বাকাৰাপাৰাৰ গঞা ৰাইজৰ উপাসনাৰ শক্তি পীঠ স্থান শ্ৰী শ্ৰী গৰখীয়া বাবাৰ মন্দিৰৰ বাৰ্ষিক পূজা ভাগি যোৱা কালিৰে পৰা শুভাৰম্ভ হৈছে।যোৱা কালি সন্ধিয়া পৰত মাংগলিক ৰীতি নীতিৰে শুভাৰম্ভ হোৱা সবাহৰ থাপনা পৰ্ব। গৰখীয়া পূজা ; গোসাঁই ফুৰোৱা ; বৰমানি পূজা ইয়াৰ পিছতে মুল মন্দিৰৰ দ্বাৰ উদ্ঘাটন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে ; বৃহত্তৰ অঞ্চলটোৰ কেৱা সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ হৰিধ্বনি মুখৰিত মাংগলিক পৰ্বত ভক্তিভাৱ জাগি উঠে।
ইফালে শ্ৰী শ্ৰী গৰখীয়া বাবাৰ গঞা ৰাইজৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন চন্দ্ৰ ৰয় আৰু সম্পাদক দিগন্ত দাসে জনোৱা মতে ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী গৰখীয়া বাবাৰ মন্দিৰৰ বাৰ্ষিক পূজা ভাগিত বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পুৰণৰ অৰ্থে পূজা-পাতল কৰা হয়। লগতে মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা মতে এই ঐতিহাসিক মন্দিৰৰ পূজা ভাগি মাঘ মাহৰ শুক্লপক্ষৰ দিনা অৰ্থাৎ ( মাঘী পূৰ্ণিমা) শুভাৰম্ভ হয়। আজি বৰ সবাহত হোম যজ্ঞ আহুতি দিয়া হয়। আনহাতে আজি বৰ সবাহত লোকে লোকাৰণ্য পৰিবেশত হৰিনাম ধ্বনিত মুখৰিত হয় সমগ্ৰ বড়গাও বাকাৰা পাৰা অঞ্চলটো