Bangagaon AGP By Election 2024: অগপৰ দুৰ্গখ্যাত বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক টিকট

বঙাইগাঁও, ২১ অক্টোবৰঃ অগপই সোমবাৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangagaon AGP By Election 2024) বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক(Candidate Diptimoy Chowdhury) টিকট প্ৰদান কৰা হয়। দলৰ কৰ্মীৰ মাজত বিৰূপ ভাব সৃষ্টি হৈছিল যদিও ইমান দিনে বিধায়ক হৈ থকা সমষ্টিটো পুনৰ নিজৰ পৰিয়ালৰ সদস্যৰ হাততেই সুৰক্ষিত হৈ থাকিব।

ইতিমধ্যেই আন তিনিটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে নাম ঘোষণা কৰিছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পূৰ্বে সাংসদপত্নীক উপ-নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ বিৰোধিতা কৰি জিলা সমিতিৰ সভাপতি-সম্পাদককে ধৰি বহু নেতা-কৰ্মীয়ে দলত্যাগ কৰে। এতিয়া দুৰ্গখ্যাত বঙাইগাঁও অগপ দলত ফাঁট মেলা পৰিলক্ষিত হৈছে। অৱশেষত, আঞ্চলিক ৰাজনীতিৰ অন্যতম দুৰ্গখ্যাত বঙাইগাঁৱত দলটোত মেলেলে ফাঁট৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আঞ্চলিক দল অগপৰ ভিতৰ চৰাত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰিক আভ্যন্তৰীণ সংঘাতে লৈছিল চূড়ান্ত ৰূপ৷

প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনীভূষণ চৌধুৰীৰপত্নী দীপ্তিময়ী চৌধুৰীৰ নাম আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হোৱাৰ সম্ভেদ পাই অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহ আৰু সম্পাদক তথা সমষ্টিটোৰ পৰা এই বাৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ শৈলেন্দ্ৰ সৰকাৰৰ লগতে বহু নেতা তথা বিষয়ববীয়াই দলীয় পদবী আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি আনুষ্ঠানিকভাৱে শনিবাৰে দলত্যাগ কৰিছিল৷ জিলা সমিতিৰ সভাপতি আৰু খোদ সম্পাদকে পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলত্যাগ কৰাত ভংগ হৈছিল অগপৰ বঙাইগাঁও জিলা সমিতি।

অগপৰ দুৰ্গ বুলি খ্যাত বঙাইগাঁৱত উপ-নিৰ্বাচনৰ পূৰ্বে দলটোৰ বাবে এয়া এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে৷ লগতে এয়া অগপ দলৰ বাবে এক অহনি সংকেট আৰু আগলৈ যে দলটোৰ সাংগঠনিক ভেঁটি দুৰ্বল হৈ পৰিব তাৰ আৰম্ভণি বুলি একাংশ দলীয় নেতা-কৰ্মী আৰু শুভাকাংক্ষীয়ে মন্তব্য কৰিছে৷ উল্লেখ্য, বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে জিলা অগপৰ সম্পাদক তথা বঙাইগাঁও পৌৰসভাৰ উপ পৌৰপতি শৈলেন্দ্ৰ সৰকাৰ এইবাৰ প্ৰথমৰ পৰাই প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল৷

সমষ্টিবাসীৰ মাজতো পৰিচিত শৈলেন্দ্ৰ সৰকাৰক দলটোৰ বহু নেতা-কৰ্মীয়ে প্ৰাক্তন বিধায়ক ফনীভূষণ চৌধুৰীৰ বিকল্প প্ৰাৰ্থী হিচাপে বিচাৰিছিল৷ কিন্তু তেওঁক মনে প্ৰাণে প্ৰাৰ্থিত্ব প্ৰদানৰ সপক্ষে নাছিল প্ৰাক্তন বিধায়ক তথা সাংসদ চৌধুৰী৷ এই কথা শৈলেন্দ্ৰ সৰকাৰে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷

অগপৰ জ্যেষ্ঠ নেতা চৌধুৰীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছে যে দলটোত তেওঁৰ সমকক্ষ হ’বলৈ কোনো নেতা-কৰ্মীকে সুবিধা নিদিয়ে৷ যাৰ বাবে এটা সময়ত দলটোৰ লগত জড়িত তথা অগপ নেতাগৰাকীৰ বিশ্বস্ত বুলি পৰিচিত প্ৰভাত বৈষ্ণৱেও দল ত্যাগ কৰিবলগীয়া হৈছিল৷ তাৰ পিছত দল ত্যাগ কৰিছিল আন এগৰাকী অগপ নেতা তথা প্ৰাক্তন পৌৰপতি দীপু চৌধুৰীয়ে৷ দলত যাৰ প্ৰভাৱ ক্ৰমাৎ শক্তিশালী হৈ উঠে তেওঁকেই যেন দল ত্যাগ কৰিবলৈ কূট কৌশল ৰচনা কৰা হয় আৰু এটা সময়ত লাঞ্চনা, বঞ্চনা সহিব নোৱাৰি দল ত্যাগ কৰিবলৈ বাথ্য হৈ পৰে তেওঁলোক৷

পিছে এইবাৰ প্ৰাক্তন বিধাকগৰাকীয়ে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত বঙাইগাঁও অগপৰ লগতে সমষ্টিবাসীয়ে এগৰাকী বিকল্প নেতাক বিধায়ক হিচাপে পাব বুলি তথা একঘেমিয়া পৰিৱেশৰ অন্ত পৰিব বুলি আশা কৰিছিল৷ অন্তত নতুন মুখৰ ব্যক্তিক তথা পৰিয়ালৰ বাহিৰৰ লোকক অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিয়ে ভাবিছিল৷ পিছে বিধায়ক পদ যোৱাৰ পিছতো পদটো যেন প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ ঘৰতে ৰাখিব বিচাৰিলে৷ বিধায়কৰ ক্ষমতাৰ লোভ পোৱা অগপ নেতা চৌধুৰীয়ে সাংসদৰ পদ লাভ কৰাৰ পিছতো যেন সন্তুষ্ট নহ’ল আৰু অধিক ক্ষমতা ধৰি ৰখাৰ চেষ্টাত এইবাৰ নিজৰ পত্নীকে উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে৷ নিজে আন্ধাৰত থাকি আনৰ দ্বাৰা নিজ পত্নীৰ নাম প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে যদিও সততে সকলোৰে আগত তথা সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থিত্ব প্ৰদান আৰু প্ৰাৰ্থী নিৰ্বাচনৰ বিষয়ত তেওঁ জড়িত নহয় বুলি মন্তব্য কৰি আহিছে৷

ইপিনে প্ৰাৰ্থিত্বক লৈ বঙাইগাঁও অগপ দুটা ভাগত বিভক্ত হৈ পৰে৷ এটা ভাগে সাংসদ পত্নীক সমৰ্থন কৰাৰ বিপৰীতে আনটো ভাগে জিলা অগপৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ পক্ষত ঠিয় দিয়ে৷ লগতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক কোনো পধ্যে সমৰ্থন কৰে বুলি ৰাজহুৱাভাৱে শৈলেন্দ্ৰ সৰকাৰে মন্তব্য কৰে৷ আনকি সাংসদ চৌধুৰীয়ে নিজ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ভিতৰেদি উঠি পৰি লগাৰ অভিযোগ কৰি তেওঁক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় তেতিয়া হ’লে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰাত বঙাইগাঁও জিলা অগপৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ মাজতো হাহাকাৰ লাগে৷ যাৰ বাবে অগপ দলত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মষিমূৰ কৰাৰ লগতে দলটোৰ নেতা-কৰ্মীসকলৰ বিসম্বাদৰ পৰিসমাপ্তিৰ বাবে কেন্দ্ৰীয় নেতৃত্বই চেষ্টা চলায়৷

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আঁতৰাই দুয়োটা গোটক একত্ৰিত কৰি দলটোক শক্তিশালী ৰূপত ৰখাৰ বাবে যোৱা বুধবাৰে বঙাইগাঁৱত কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ কেইগৰাকীও নেতা উপস্থিত হৈ দুয়ো পক্ষৰ সৈতে আলোচাত মিলিত হৈ সংঘাতৰ অৱসানৰ চেষ্টা চলায়৷ লগতে অগপত কোনো বিসম্বাদ নাই বুলি কৈ সকলো ঠিক হৈ যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ কিন্তু সেই প্ৰচেষ্টা যে কোনো কামত নাহিল তাৰ শেহতীয়া প্ৰমাণ জিলা সমিতিৰ সভাপতি- সম্পাদককে আদি কৰি দলটোৰ বিভিন্ন পৰ্যায়ৰ ৩৬গৰাকী বিষয়ববীয়াই নিজ পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা কৰা পদত্যাগ৷ জিলা অগপৰ সভাপতি আৰু সম্পাদক শৈলেন্দ্ৰ সৰকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগ পত্ৰত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিৰোধিতা কৰি দলীয় পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে৷ সেইদৰে পদত্যাগ কৰা দলৰ বিভিন্ন পৰ্যায়ৰ আন ‌‌৩৪গৰাকী দলীয় নেতা-কৰ্মীয়েও একেই কাৰণ উল্লেখ কৰিছে৷ পদত্যাগ কৰাসকলৰ মাজত অগপৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি তিলক নাৰায়ণ দেৱ, বঙাইগাঁও টাউন (দক্ষিণফাল) সমিতিৰ সভাপতি খৰ্গেশ্বৰ ৰায়, সম্পাদক মতীন সৰকাৰ, ঢালিগাঁও আঞ্চলিক সমিতিৰ সভাপতি গৌৰীশংকৰ বৰ্মন, ছিপছিলা আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু ৰাম মেধি, সম্পাদক বিষ্টু ৰাম নাৰ্জাৰী, চোকাপাৰা আঞ্চলিক সমিতিৰ সম্পাদক বিনয় ৰায়, কান্দুলিমাৰী সমিতিৰ সম্পাদক তৰণী কান্ত ৰায়, ২৪নং ৱাৰ্ডৰ হীৰু বাগদী আদি আছে৷

ইপিনে এই পদত্যাগ সন্দৰ্ভত শনিবাৰে বঙাইগাঁও অগপ কৰ্য্যালয়ত সাংসদ ফণীভূষণ চৌধুৰীয়ে(MP Phani Bhushan Choudhary) নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমাধ্যমৰ আগত কৈছিল যে, এয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বুলি মই নকওঁ৷ কাৰণ এতিয়ালৈকে আমাৰ দলে প্ৰাৰ্থী ঘোষণা কৰা নাই৷ আজিও তেৰজনীয়া প্ৰাৰ্থী নিৰ্বাচন সমিতিয়ে আঞ্চলিক সমিতিসমূহক তথা তৃণমূল কৰ্মীসকলক মাতি আনি মতামত লৈছে৷ দেওবাৰে সমিতিখনে প্ৰতিবেদন কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ গতিতে কোনে প্ৰাৰ্থিত্ব পায় বা নাপায় আৰু আঞ্চলিক সমিতিসমূহে কাক সমৰ্থন কৰিছে সেই বিষয়ে আমি জ্ঞাত নহয়৷ আনহাতে, যিজনে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁ হয়তো নিজে প্ৰাৰ্থিত্ব নেপাব বুলি পতিয়ন গৈছে আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যিটো মনোভাব সেইটো অনুভৱ কৰিছে আৰু সেয়ে হয়তো তেওঁলোকে আগতিয়াকৈ প্ৰাৰ্থিত্ব নাপাব বুলি অনুভৱ কৰিয়ে পদত্যাগ কৰিছে৷

সাংসদ চৌধুৰীয়ে লগতে কয় যে দলৰ জন্মলগ্নৰ পৰা জড়িত বহুত মানহ আহিছে আৰু গুচি গৈছে৷ প্ৰতিটো দলতে নিৰ্বাচনৰ সময়ত এনে ধৰণৰ ঘটনাবিলাক হয়৷ তেওঁ পদত্যাগ কৰাসকলৰ ভিতৰত কিছুমান ব্যক্তি যে দলৰ কৰ্মী তেওঁ সেই কথা জ্ঞাত নহয় বুলিও কয়৷ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ সন্দৰ্ভত কয় যে সম্পাদকজনৰ মানুহৰ লগত সম্পৰ্ক আছিল আৰু মোৰ লগত কমেও বিশ বছৰ ঘূৰিছে৷ কিন্তু তেওঁ প্ৰাৰ্থিত্ব বিচৰাৰ পিছত তেওঁ যিখিনি মানুহক লগ পাইছিল সেই মানুহখিনিক পতিয়ন নিয়াব পাৰিব লাগিছিল৷ কাৰণ ইয়াত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেইটো কেন্দ্ৰিয় সমিতিয়ে সিদ্ধান্ত ল’ব ঠিকেই কিন্তু ইয়াত এটা সিদ্ধান্ত হৈছে যে তৃণমূল কৰ্মীসকলৰ মতামত লৈহে প্ৰাৰ্থী বাছনি কৰা হ’ব৷ ইপিনে যদি শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ’লে তেওঁৰ প্ৰতি শুভকামনা আছে বুলিও কয়৷ লগতে কয় মই নিজে নিজিকো৷ ভোটাৰ ৰাইজেহে জিকায়৷ যদি শৈলেন্দ্ৰ সৰকাৰৰ ভোটাৰ ৰাইজৰ মাজত গণভিত্তি আছে জিকিব৷ সাংসদ চৌধুৰীয়ে কয় যে ‘৮৫ চনত বঙাইগাঁৱৰ ৰাইজে মোক বিধায়ক বনাইছে৷ শৈলেন্দ্ৰ সৰকাৰে বিধায়ক বনাব নোৱাৰে৷ এইবাৰৰ নিৰ্বাচনো আমি অগপ দল হিচাপে নেখেলো৷

এইবাৰ আমি এনডিএ হিচাপে নিৰ্বাচনটো ইয়াত খেলা হ’ব৷ গতিকে ইয়াত যিমানে ধুমুহা নাহক কিয়, লাগিলে কাইলৈ যদি ফনীভূষণ চৌধুৰীয়েও পদত্যাগ কৰি ওলাই যায় থাপিতো ইয়াত এনডিএৰ প্ৰাৰ্থীগৰাকী জিকিবই৷ এনডিএৰ প্ৰাৰ্থীগৰাকী লাগিলে ফনীভূষণ চৌধুৰীৰ পত্নীয়ে হওক কিম্বা শৈলেন্দ্ৰ সৰকাৰেই হওক বা কোনোবা বিকাশ ঘোষ হওক যিয়ে হওক জিকিবই৷ ইয়াত যুদ্ধখন এনডিএ আৰু ইণ্ডিয়াৰ মাজত হ’ব৷ সেয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতটো গ্ৰাম্যাঞ্চলত নাই৷ সেয়ে ২৩ তাৰিখে গম পাব এওঁলোক দলৰ পৰা যোৱাৰ পিছত আমাৰ কিমান ক্ষতি হ’ল৷ ইয়াৰ পূৰ্বেও জিলা অগপৰ সভাপতি এগৰাকী দলত্যাগ কৰি গৈছিল৷ সেইবাৰো ফনীভূষণ চৌধুৰী পৰাস্ত হ’ব বুলি কৈছিল৷ কিন্তু বঙাইগাঁও সমষ্টিবাসী ৰাইজ ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে প্ৰকৃত সত্যটো অনুধাৱন কৰে৷ ইপিনে এওঁলোকক দলৰ পৰা পদত্যাগ কৰাৰ বাবে পৰিৱেশৰ সৃষ্টি কৰা হ’ল নেকি বুলি সাংবাদিকে সাংসদগৰাকীক সোধাত কয় যে পৰিৱেশ কেনেকৈ সৃষ্টি হ’ল ? যোৱা দুদিন পূৰ্বে দলৰ সভাপতি-কাৰ্যকৰী সভাপতি আহিছিল৷

আমাৰ মাজত আলোচনা হৈছিল আৰু মোৰ লগতে ভূপেন ৰায়, বিজয় সিংহ, শৈলেন্দ্ৰ সৰকাৰসহ সাতজনক দায়িত্ব দি গৈছিল যে আমি বহি সিদ্ধান্ত লম৷ ইয়াৰ পিছত আহ্বায়ক ভূপেন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া এখন সভালৈ তেওঁলোকক মাতে যদিও তেওঁলোক নাহিলে৷ তেওঁলোকে ভিতৰত থাকি যুদ্ধ কৰিব লাগিছিল৷ বাহিৰত থাকি যুদ্ধ কৰিলে কেনেকৈ হ’ব৷ তেওঁলোকৰ জনপ্ৰিয়তা, গণভিত্তি, নাৰ্য্যতা তথা দাবী দলৰ ভিতৰত থাকি দেখুৱাই দিব লাগিছিল৷ তেতিয়া নিশ্চয় হ’লহেতেন৷ প্ৰাৰ্থী সন্দৰ্ভত কোনো হস্তক্ষেপ হোৱা নাই আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ আবেগ-অনুভূতিক গুৰুত্ব আৰোপ কৰি নিৰ্বাচন পৰিচালনা সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাক কেন্দ্ৰীয় সমিতিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব৷

তাৰ পিছত কেন্দ্ৰীয় সমিতিয়ে কি সিদ্ধান্ত লয় ল’ব বুলিও সাংসদগৰাকীয়ে কৈছিল৷ ইপিনে পদত্যাগী জিলা অগপৰ সভাপতি বিজয় সিংহই সংবাদ মাধ্যমৰ আগত কয় যে সাংসদ ফনীভূষণ চৌধুৰীয়ে তেওঁৰ পত্নীক উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল৷ আনহাতে, আমি জিলা অগপৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলো৷ আমি আশা কৰিলো আমি পাম বুলি৷ আমি তেওঁলোকক সন্মত কৰাব বিচাৰিছিলো যে দিপ্তীময়ী চৌধুৰী প্ৰাৰ্থী নহওক৷ ৩২ বছৰ ধৰি শৈলেন্দ্ৰ সৰকাৰে দলৰ হৈ কাম কৰি আহিছে৷ মইও পুৰণি৷ কিন্তু দিপ্তীময়ী চৌধুৰী যে আগে পিছে দলৰ কৰ্মী আছিল তেনে নহয়৷ গতিকে তেওঁৰ নামটো কিয় আহিব প্ৰাৰ্থীৰ তালিকাত৷ দলীয় কৰ্ম-কৰ্তা হিচাপে পদবী নাই৷ সেয়ে আমি প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিলো৷ প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও ইতিমধ্যে চূড়ান্ত হৈছে৷ ইয়াৰ পৰা বাছনি কৰি প্ৰেৰণ কৰা মানে কেন্দ্ৰীয় সমিতিয়ে অনুমোদ জনাবই৷

আনহাতে, পদত্যাগ কৰাৰ পিছত তেওঁলৈ বিভিন্ন দলৰ পৰা ফোন অহা বুলি কৈ শুভাকাংশী তথা বাকী পদত্যাগীসকলৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব বুলিও কয়৷ লগতে কয় যে ৰাজনীতিত থাকিম নে নেথাকিম তাৰো কথা আছে বুলিও কয়৷ উল্লেখ্য, সাংসদগৰাকীয়ে দলৰ এইসকল নেতা-কৰ্মীয়ে পদত্যাগ কৰিলে দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিলেও দলটো যে বঙাইগাঁৱত এটা সময়ত থৰক বৰক হৈ পৰিব সেয়া ক্ৰমাৎ সময় সমাগত৷

কাৰণ বঙাইগাঁও সমষ্টিকলৈ চকু বিজেপি দলৰো৷ কংগ্ৰেছ দলেও নিজৰ দখললৈ নিবলৈ চেষ্টা চলাই আছে যদিও সফল হোৱা নাই৷ কিন্তু সাংসদ নিৰ্বাচিত হোৱাৰ পিছত ফনীভূষণ চৌধুৰীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰি নিজৰ পত্নীক বিধায়ক বনোৱাৰ চেষ্টা কৰাত অগপৰ নেতা-কৰ্মীসকল ক্ষুদ্ধ হৈ পৰিছে। যদি অগপৰ নেতৃত্বই প্ৰাৰ্থী সলনি নকৰে তেন্তে অগপৰ বিসম্বাদী গোটে বিকল্প প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও এক সূত্রই প্রকাশ কৰিছে। কিন্তু সেয়া জানিব পৰা যাব কিছুদিন পিছতহে৷

Related Articles