প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৫ ছেপ্টেম্বৰত ভাৰতলৈ আহি আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। তেওঁক আদৰণি জনাব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত অহা ৫ ছেপ্টেম্বৰত নতুন দিল্লীলৈ আহিব বামলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। তাত তেওঁক আদৰণি জনাব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত বাংলাদেশ আৰু ভাৰতৰ মাজত কেইবাটাও চুক্তি আৰু বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। এই তথ্য বৃহস্পতিবাৰে (১ ছেপ্টেম্বৰ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীৰ লগত থাকিব মন্ত্ৰী, উপদেষ্টা, সম্পাদক আৰু এদল শীৰ্ষ চৰকাৰী প্ৰতিনিধি। ব্যৱসায়ীৰ প্ৰতিনিধিও থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আনুষ্ঠানিকভাৱে আদৰণি জনাব। তাৰ পিছত তেওঁক সন্মানীয় প্ৰহৰী দিয়া হ’ব। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যিক অতিথিশালা ‘হায়দৰাবাদ হাউছ’ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দুপৰীয়াৰ আহাৰতো অংশগ্ৰহণ কৰিব।

শ্বেইখ হাছিনাৰ ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী ড. এছ জয়শংকৰকে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলেও থাকিব । এই ভ্ৰমণৰ সময়ত ভাৰতীয় উদ্যোগ কনফেডাৰেশ্যনে আয়োজন কৰা এক ব্যৱসায়িক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৯৭১ চনৰ মুক্তিযুদ্ধত শ্বহীদ হোৱা বা গুৰুতৰভাৱে আহত হোৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ২০০ জন সদস্যৰ বংশধৰলৈও তেওঁ বাংলাদেশ চৰকাৰৰ ‘মুজিব বৃত্তি’ প্ৰদান কৰিব। ইয়াৰ পূৰ্বে ২০১৯ চনত প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বাংলাদেশ আৰু ভাৰতৰ মাজত বিদ্যমান সমবায় সম্পৰ্কৰ বাবে নতুন দুৱাৰ মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই ভ্ৰমণৰ পিছত ৮ ছেপ্টেম্বৰত ঢাকালৈ ঘূৰি আহিব প্ৰধানমন্ত্ৰীগৰাকী।

Related Articles