Breaking

ৰকিবুল হুছেইনক জিকোৱাৰ কাৰণে বাংলাদেশীয়ে খিলঞ্জীয়াক আক্ৰমণ কৰাৰ সাহস পাইছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

0 29

ৰকিবুল হুছেইনক জিকোৱাৰ কাৰণে বাংলাদেশীয়ে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ সাহস পাইছে, এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কোকৰাঝাৰ ফকিৰাগ্ৰামৰ লামাপাৰাত সংঘটিত ভূমিকেন্দ্ৰিক সংঘাতৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। স্মৰ্তব্য যে কালি কোকৰাঝাৰৰ চিথিলা অঞ্চলত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ কেইবাগৰাকীও কোচ ৰাজবংশীৰ লোক গুৰুতৰভাৱে হয়। আহতসকল সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে জাতীয়তাবাদী মানুহৰ বিপক্ষে যেতিয়া ৰকিবুল হুছেইনৰ দৰে মানুহক জিকাই পঠিয়ায় তেতিয়া এইবিলাক সাহস পাবই।

তেওঁ কয় যে এইবিলাকৰ সাহসৰ মূল কাৰণ বেলেগ। ইমান বছৰ সাহস পোৱা নাছিল। কিন্তু তিনিদিন আগত ৰকিবুল জিকি গ’ল, সেই কাৰণে সাহস পাই গ’ল। এই সাহসবিলাক আমি দিব নোৱাৰো আৰু সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছো। তেওঁ খিলঞ্জীয়া মানুহক নিশ্চিত হৈ থাকিবলৈ কৈ পুনৰ কয় যে বাংলাদেশী ভোটেৰে তেওঁলোক জিকিব পাৰে, কিন্তু খিলঞ্জীয়া মানুহৰ গাত হাত তুলিব, খিলঞ্জীয়া মানুহক খেদি আহিব এইটো আমি কেতিয়াও হ’বলৈ দিব নোৱাৰো। অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এক অন্যতম মুখ্য সংকল্প বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে কালি সংঘটিত হোৱা এই ঘটনাৰ খবৰ পাই,মুখ্যমন্ত্ৰী ড° ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোক তথা উপস্থিত বিষয়ববীয়াসকলৰ সৈতে কথা পাতি সম্পূৰ্ণ ঘটনাটোৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে ঘটনাৰ সৈতে জড়িত দোষীসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে।


আনহাতে, কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনক মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘটনাৰ সৈতে জড়িত আটাইকেইজন দোষীক উচিত শাস্তি প্ৰদানৰো আশ্বাস দিয়ে৷

Leave A Reply

Your email address will not be published.