Breaking

বেংক, ৰে’ল, ষ্টাফ ছিলেকচনৰ নিয়োগত এটাই পৰীক্ষা : নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠন

0 1,322

দৈনন্দিন বাৰ্তা ডেস্ক : বেংক, ৰে’ল বা ষ্টাফ ছিলেকচনত নিয়োগৰ বাবে এইবাৰৰ পৰা পৃথকে পৰীক্ষা দিব নালাগে ৷ চাকৰি প্ৰাৰ্থীৰ বোজা কমাবলৈ বৃহৎ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো নন-গেজেটেড প’ষ্টত নিয়োগৰ বাবে এটা অভিন্ন এজেন্সী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই এজেন্সীৰ জৰিয়তে সকলো নন-গেজেটেড প’ষ্টত চাকৰিৰ বাবে এটাই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ এই পৰীক্ষাত উত্তীর্ণ হ’লেই পৃথক পৃথক বিভাগত চাকৰিৰ বাবে কৰা হ’ব ৷ প্ৰতি বছৰে কমেও এক লাখ ২৫ হাজাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰায় আঢ়ৈ কোটি চাপৰি প্ৰাৰ্থীয়ে বিভিন্ন ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ পৃথক পৃথক চাকৰিৰ বাবে পৃথক পৃথক ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ যিদৰে ৰে’লত নিয়োগৰ বাবে ৰে’ল নিয়োগ ব’ৰ্ড, চৰকাৰী কাৰ্যালয়ৰ চাকৰিৰ বাবে ষ্টাফ ছিলেকচন কমিচন বা বেংকৰ পৰীক্ষাৰ বাবে আইবিপিএছৰ দৰে পৰীক্ষা দিয়ে ৷ সকলোবোৰ পৰীক্ষাৰ বাবে বেলেগে বেলেগে প্ৰস্তুতি কৰিব লগা হয় ৷ তেনেদৰে প্ৰপত্ৰ পৃথক পৃথককৈ পুৰাব লাগে ৷ ফলত বহু ধন খৰচ হয় ৷ এতিয়া এই সকলো পৰীক্ষাৰ্থীৰ বাবে আহিল সুখবৰ ৷ সকলো নন-গেজেটেড পদত নিয়োগৰ বাবে নিৰ্মাণ কৰা হৈছে অভিন্ন নিয়োগ ব’ৰ্ড ৷ এই ব’ৰ্ডৰ নাম দিয়া হৈছে নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী ৷ এই এজেন্সীৰ জৰিয়তে অনলাইনত লোৱা হ’ব কমন এলিজিবিলিটি টেষ্ট ৷ অনলাইনৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে আবেদন কৰিব পাৰিব বেংক, ৰে’লসহ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষা ৷ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনোৱা মতে এই কমন এলিজিবিলিটি টেষ্টৰ মেধা তালিকাৰ ম্যাদ হ’ব তিনি বছৰ ৷ অৰ্থাৎ এবাৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তিনি বছৰত বিভিন্ন প’ষ্টৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ ইয়াৰ বাবে বেলেগে বেলেগে আন পৰীক্ষা দিব নালাগে ৷ উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেটৰ সময়ত এই নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠনৰ কথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছিল ৷ সেই প্ৰস্তাৱ বুধবাৰে অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৷ অহা বছৰৰ পৰাই এই অভিন্ন পৰীক্ষা পদ্ধতি আৰম্ভ হ’ব ৷

Leave A Reply

Your email address will not be published.