গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত ৰূপায়ণ কৰা হয় “চল যাব স্কুল” শীৰ্ষক এক শৈক্ষিক কাৰ্যসূচীৰ। বৰপথাৰস্হিত ভগৱান চাহ বাগিছাত ১৬ ডিচেম্বৰ তাৰিখে আটছা বৰপথাৰ শাখাৰ উদ্যোগত আৰু বৰপথাৰ উপ শাখা, ভগৱান বাগান প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ জনজাতি লোকসকলৰ শৈক্ষিক তথা বৌদ্ধিক দিশৰ উত্তৰণৰ বাবে সমগ্ৰ অসমতে গ্ৰহণ কৰিছে “চল যাব স্কুল” শীৰ্ষক কাৰ্যসূচীৰ।
ভগৱান বাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে উপস্থিত চাহ জনজাতি লোকসকলৰ মাজত শৈক্ষিক সজাগতা সৃষ্টিৰ বাবে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াৰ পিছতেই বিদ্যালয় খনৰ পৰা এক শৈক্ষিক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ জনজাতি লোকসকলৰ শিক্ষিত হাৰ অধিক শক্তিশালী কৰাৰ লগতে বিদ্যালয়মুখী নোহোৱা আৰু আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষামুখী কৰি তোলাই এই কাৰ্যসূচীৰ মুল উদ্দেশ্য। ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই প্ৰয়াস অব্যাহত থাকিব বুলি জানিব দিয়ে আটছাৰ বৰপথাৰ শাখাৰ বিষয়ববীয়াই। আজিৰ এই কাৰ্যসূচীত ভগৱান বাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অচিত মহানন্দ, আটছা গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি তিলক ভূমিজ, আটছা বৰপথাৰ শাখাৰ সম্পাদক মনোজ মহানন্দ, সভাপতি ৰবীন মাহুৱা, বৰপথাৰ শাখা আৰু ভগৱান বাগান প্ৰাথমিক গোটৰ আটছা কৰ্মীসকলৰ লগতে ভগৱান চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।